নিউজ ডেস্ক, ৬ মে’ : টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ মহম্মদ ছামি-লৈ আহিল মৃত্যুৰ ভাবুকি৷ ছামিৰ ভাতৃয়ে ই–মেইলৰ জৰিয়তে ছামিৰ বিৰুদ্ধে মৃত্যুৰ ভাবুকি লাভ কৰা বুলি সদৰী কৰিছে৷ ভাবুকিৰ লগতে এক কোটি টকাৰ ধন দাবীও লাভ কৰা বুলি ছামিৰ ভাতৃয়ে ব্যক্ত কৰে৷ জানিব পৰা মতে, ৰাজপুত সিন্ধাৰ নামৰ এজন ব্যক্তিৰ পৰা ছামিক হত্যাৰ ভাবুকি দিয়া ই–মেইলটো আহিছিল৷ ঘটনা সন্দর্ভত ভাৰতীয় পেচাৰগৰাকীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছে৷ দেওবাৰে দুপৰীয়া প্রায় ২ বজাৰত ছামিৰ ভাতৃ মহম্মদ হাছিবে এই ই–মেইলটো লাভ কৰা বুলি জানিবলৈ দিয়ে৷ লগে লগে আমৰোহা আৰক্ষীৰ সৈতে যোগাযোগ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷ ইয়াৰ উপৰি চাইবাৰ চেলেও বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে৷ এই ই–মেইলটো কর্ণাটকৰ পৰা অহা বুলি অনুমান কৰা হৈছে৷ অৱশ্যে নামটো ভুৱা হোৱাৰ সম্ভাৱনাও অধিক৷ সম্প্রতি আইপিএলত ব্যস্ত থকা মহম্মদ ছামিলৈ অহা এই ভাবুকিপূর্ণ ই–মেইলটোক লৈ আতংকৰ সৃষ্টি হৈছে৷ মন কৰিবলগীয়া যে কিছুদিন পূর্বে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰেও মৃত্যুৰ ভাবুকি লাভ কৰিছিল৷