নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ নেট অনুশীলনত ব্যস্ত মহম্মদ ছামি

🔹 দললৈ শীঘ্রেই প্রত্যাৱর্তনৰ ইংগিত

নিউজ ডেস্ক, ২২ অক্টোবৰ : দীর্ঘ সময়ৰ পিছত দললৈ প্রত্যাৱর্তনৰ বাবে সাজু হৈছে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ মহম্মদ ছামি৷ দীর্ঘদিনে আঘাতৰ বাবে দলৰ পৰা আঁতৰি থকা ছামিক শেহতীয়াকৈ নেট অনুশীলন কৰি থকা পৰিলক্ষিত হয়৷ যি দৃশ্যই শীঘ্রেই ভাৰতীয় বলাৰগৰাকী দললৈ প্রত্যাৱর্তন কৰাৰ ইংগিত বহন কৰিছে৷ আঁঠুৰ আঘাতৰ বাবে বেংগালুৰুৰ ৰাষ্ট্রীয় ক্রিকেট একাডেমীত থকা ছামিয়ে দললৈ প্রত্যাৱর্তনত সম্পূর্ণ মনোনিৱেশ কৰিছে৷ শেহতীয়াকৈ নিজৰ শৈলীৰে বলিং অনুশীলন আৰম্ভ কৰিছে ক্রিকেটাৰগৰাকীয়ে৷ অনুশীলনৰ ভিডিঅ’ পৰৱর্তী সময়ত ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত৷ দেওবাৰে বেংগালুৰুত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ পিছত ছামিয়ে একেখন খেলপথাৰতে নেটত অনুশীলন কৰিবলৈ গৈছিল৷ ছামিয়ে কিছু সময়ৰ বাবে টীম ইণ্ডিয়াৰ বেটাৰ শুভমন গিল আৰু প্রশিক্ষক অভিষেক নায়াৰক বলিং কৰে৷ শেহতীয়া আপডেট অনুসৰি, ছামিয়ে পৰৱর্তী চাৰি সপ্তাহৰ ভিতৰত দললৈ প্রত্যাৱর্তন ঘটোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ এই খবৰ সঁচা হ’লে নৱেম্বৰত আৰম্ভ হ’বলগীয়া ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত দেখা যাব ভাৰতীয় বলাৰগৰাকীক৷

You might also like