মুম্বাইত অনুষ্ঠিত এছিয়ান পাঞ্জাত মঙলদৈৰ মাতৃ-কন্যাৰ সাফল্য
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : অসমৰ পাঞ্জা খেলুৱৈ ৰঞ্জু বৰুৱাই সদ্য সমাপ্ত অষ্টম এচিয়ান আৰ্ম ৰেষ্টলিং কাপ (8th Asian Armwrestling Cup) আৰু সপ্তম এচিয়ান পেৰা- আৰ্ম ৰেষ্টলিং কাপ (7th Asian Para -Armwrestling Cup-2024) প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে ৰঞ্জিতা বৰুৱাই তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। মঙলদৈ নিবাসী খেলুৱৈ দুগৰাকীয়ে মুম্বাইৰ লেমন Sirf হোটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত পাঞ্জা প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি ৰাজ্যখনৰ লগতে দৰং জিলালৈ সুনাম কঢ়িয়াই আনিছে। উল্লেখ্য যে পদক অৰ্জনকাৰী ৰঞ্জু বৰুৱা আৰু ৰঞ্জিতা বৰুৱা সম্পৰ্কত মাতৃ–কন্যা। এচিয়ান পাঞ্জা প্ৰতিযোগিতাখনত ৰঞ্জু বৰুৱাই ৬০ কেজি কেটেগৰীৰ সোঁহাত, বাঁওহাত উভয় শাখাতে বিপক্ষক পৰাস্ত কৰাৰ বিপৰীতে ৰঞ্জিতা বৰুৱাই ৫৫ কেজি কেটেগৰীৰ বাঁওহাত শাখাত জয়ী হয়।
প্ৰেৰক ধীৰেন মহলীয়া