অহা বছৰ আই পি এলক বিদায় জনাব মহেন্দ্র সিং ধোনীয়ে
নিয়মীয়া বাৰ্তা, ২১ মে’: দুবাৰকৈ বিশ্বকাপ বিজয়ী ভাৰতৰ আইকনিক অধিনায়ক মহেন্দ্র সিং ধোনীয়ে অহা বছৰ আই পি এলক বিদায় জনাব৷ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে এই কথা সদৰী কৰে৷ ধোনীয়ে কয় যে অহা বছৰ আই পি এলত তেওঁ নিশ্চিতভাৱে খেলিব৷ কাৰণ এনে নকৰিলে চেন্নাই ছুপাৰ কিংছৰ নাম যিখন চহৰৰ নামেৰে পৰিচিত, সেই চহৰখনৰ প্রতি অন্যায় কৰা হ’ব৷ ৪০ বছৰীয়া ধোনীয়ে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী প্রতিযোগিতাখনৰ অহা ছিজনত অংশগ্রহণ কৰিব বুলি মন্তব্য কৰি সকলো জল্পনা–কল্পনাৰ অৱসান ঘটালে৷ ‘নিশ্চিতভাৱে মই অহা বছৰ খেলিম৷ চেন্নাইক ধন্যবাদ নজনালে অন্যায় হ’ব৷ চি এছ কেৰ অনুৰাগীসকলৰ বাবেও ভাল নহ’ব, গতিকে অহা বছৰ আই পি এলত খেলি চেন্নাইৰ অনুৰাগীসকলক বিদায় জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ৷’– কালি ৰাজস্থান ৰয়েলছৰ বিপক্ষে খেলা আই পি এলৰ মেচখনৰ প্রাক্মুহূর্তত এনেদৰে মন্তব্য কৰে চি এছ কেৰ অধিনায়কগৰাকীয়ে৷ উল্লেখ্য যে আই পি এলৰ চাৰিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আই পি এলত বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয় আৰু প্রতিযোগিতাখনৰ প্লে’অফত প্রৱেশ কৰাত ব্যর্থ হয়৷