নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছানৰাইজার্ছৰ বিপক্ষে গুৰুত্বপূর্ণ জয় মুম্বাইৰ

🔹 আইপিএলত বর্তি থকাৰ আশা সজীৱ হাৰ্দিক বাহিনীৰ

নিউজ ডেস্ক, ১৮ এপ্রিল : গুৰুত্বপূর্ণ বিজয় সাব্যস্ত কৰি চলিত আইপিএলত বর্তি থকাৰ আশা সজীৱ কৰি তুলিছে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে৷ ৱাংখেড়ে ষ্টেডিয়ামত কালি অনুষ্ঠিত মেচখনত ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছে ছানৰাইজার্ছ হায়দৰাবাদক ৪ উইকেটত পৰাস্ত কৰে৷ মেচখনত ছানৰাইজার্ছে জয়ৰ বাবে বান্ধি দিয়া ১৬৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মুম্বায়ে ১৮.১ অভাৰত ৬টা উইকেট হেৰুৱাই প্রয়োজনীয় ৰানখিনি সংগ্রহ কৰে৷ মুম্বাইৰ হৈ উইল জেকছে সর্বাধিক ৩৬ ৰান কৰাৰ লগতে অ’পেনাৰ ৰিয়ান ৰিকেল্টনে ৩১, ৰোহিত শর্মাই ২৬, সূর্য কুমাৰ যাদৱে ১৫টা বলত ২৬, অধিনায়ক হার্দিক পাণ্ডিয়াই ৯টা বলত ২১ ৰান কৰাৰ লগতে তিলক বার্মাই ২১ ৰান কৰি অপৰাজিত হৈ থাকে৷ হায়দৰাবাদৰ হৈ পেট কামিনছে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷ উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছৰ এয়া আছিল তৃতীয় জয়৷ দলটোৱে এতিয়ালৈকে সাতখন মেচ খেলি চাৰিখনত পৰাস্ত হৈছে৷ ইপিনে, ছানৰাইজার্ছ হায়দৰাবাদৰ এয়া আছিল পঞ্চম পৰাজয়৷ দলটোৱে সাতখন মেচৰ মাত্র দুখনতহে জয়ৰ মুখ দেখিছে৷ ইয়াৰ পূর্বে ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছৰ আমন্ত্রণক্রমে বেটিং কৰিবলৈ আহি অ’পেনাৰ অভিষেক শর্মাৰ সর্বাধিক ৪০ ৰানৰ সহায়ত ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৬২ ৰান সংগ্রহ কৰে৷ ইনিংছ মুকলি কৰিবলৈ অহা অভিষেক শর্মা আৰু ট্রেভিছ হেডে ছানৰাইজার্ছক আক্রমণাত্মক আৰম্ভণি দিয়াত ব্যর্থ হয়৷ ৭.৩ অভাৰত ৫৯ ৰান সংগ্রহৰ সময়তে অভিষেক শর্মাৰ ৰূপত প্রথমটো উইকেট হেৰুৱায় ছানৰাইজার্ছে৷ অভিষেকে ২৮টা বলত সাতটা চাৰিৰে ৪০ ৰানৰ অৰিহণা আগবঢ়ায়৷ ইফালে, অভিষেক আউট হোৱাৰ কিছু সময় পিছতে ঈশান কিশনে মাত্র ২ ৰান কৰি পেভিলিয়নমুখী হয়৷ সেই সময়ত দলটোৰ দলীয় স্ক’ৰ আছিল দুই উইকেটত ৬৮৷ ইফালে, ট্রেভিছ হেডে কালি দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ বিস্ফোৰক অ’পেনাৰগৰাকীয়ে ২৯টা বলত তিনিটা চাৰিৰে ২৮ ৰান কৰি বিদায় লয়৷ আনহাতে, নীতিশ কুমাৰ ৰেড্ডীয়ে ১৯ ৰানত পেভিলিয়নমুখী হয়৷ অৱশ্যে ক্লাছেনে ২৮টা বলত তিনিটা চাৰি আৰু দুটা ছয়েৰে ৩৭ ৰানৰ গুৰুত্বপূর্ণ ইনিংছ খেলি দলটোক কিছু সুস্থিৰ অৱস্থাত উপনীত কৰায়৷ অনিকেত বার্মাই আঠটা বলত দুটা ছয়েৰে ১৮ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে অধিনায়ক পেট কামিনছে আঠ ৰান কৰি নটআউট হৈ থাকে৷ মুম্বাই ইণ্ডিয়ানছৰ হৈ উইল জেকছে সর্বাধিক দুটা উইকেট লাভ কৰাৰ লগতে ট্রেণ্ট ব’ল্ট, যশপ্রীত বুমৰাহ আৰু হার্দিক পাণ্ডিয়াই এটাকৈ উইকেট লাভ কৰে৷

You might also like