কলকাতাৰে জিকি জয়ৰ ধাৰালৈ মুম্বাই ইণ্ডিয়ানছ, অভিষেক মেচতে ৪টা উইকেট অশ্বিনীৰ, ব্যৰ্থ ৰোহিত
নিউজ ডেস্ক, ১ এপ্ৰিলঃ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আইপিএলত প্রথমটো জয়ৰ সোৱাদ লাভ কৰিছে৷ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত মুম্বাই ইণ্ডিয়ানছে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছক সহজে ৮ উইকেটত পৰাস্ত কৰে৷ ল’ স্ক’ৰিং মেচখনত কলকাতাই জয়ৰ বাবে বান্ধি দিয়া ১১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ ৰিয়ান ৰিকেলটনৰ অপৰাজিত ৬২ ৰানৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে ১২.৫ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ অ’পেনাৰ ৰোহিত শর্মাই ১৩ আৰু উইল জেকছে ১৬ ৰান কৰি বিদায় লয়৷ সূর্যকুমাৰ যাদৱে ৯টা বলত ২৭ ৰান কৰি অপৰাজিত হৈ থাকে৷ ৰিকেলটনৰ ৪১টা বলৰ ইনিংছটোত আছিল ৪টা চাৰি আৰু ৫টা ছয়৷ উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছে এতিয়ালৈকে তিনিখন মেচ খেলি এখনত জয় আৰু দুখনত পৰাজয়ৰ সন্মুখীন হয়৷ বিপৰীতে কলকাতা নাইট ৰাইডার্ছে তিনিখন মেচৰ এখনত জয় আৰু দুখনত পৰাস্ত হয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি নৱাগত অশ্বিনী কুমাৰৰ দুর্দান্ত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ কলকাতা নাইট ৰাইডার্ছে ১৬.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৬ ৰানহে সংগ্রহ কৰে৷ ইনিংছ মুকলি কৰিবলৈ আহি প্রথমৰ পৰাই বিপর্যয়ৰ সন্মুখীন হয় কলকাতা৷ দলীয় স্ক’ৰ ২ ৰানতে অ’পেনাদ্বয় কুইণ্টন ডি ক’ক (১) আৰু সুনীল নাৰিন (০)ক হেৰুৱায়৷ দুয়োগৰাকী অ’পেনাৰ আউট হোৱাৰ পাছত কলকাতাই প্রত্যাৱর্তন কৰাত ব্যর্থ হয়৷ অশ্বিনী কুমাৰৰ বলত ইটোৰ পিছত সিটো উইকেট হেৰুৱাই শ’লঠেকত পৰে৷ কলকাতাৰ হৈ সর্বাধিক ২৬ ৰান কৰে অংকৃশ ৰঘুবংশীয়ে৷ ৰমনদীপ সিঙে ২২, মনীষ পাণ্ডেই ১৯, ৰিংকু সিঙে ১৭ আৰু অধিনায়ক ৰাহানেই ১১ ৰান কৰে৷ দলটোৰ ছয়গৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ ভেংকটেছ আয়াৰে ৩ আৰু আন্দ্রে ৰাছেলে মাত্র ৫ ৰান কৰি পেভিলিয়নমুখী হয়৷ মুম্বাইৰ হৈ খেলি আইপিএলত অভিষেক ঘটা অশ্বিনী কুমাৰে ৪টা উইকেট লাভ কৰাৰ লগতে দীপক চহৰে ২টা, ব’ল্ট, পাণ্ডিয়া, ভিগনেশ আৰু ছাণ্টনাৰে এটাকৈ উইকেট লাভ কৰে৷