ক্রমাগত দ্বিতীয় পৰাজয় মুম্বাই ইণ্ডিয়ানছৰ
🔹 সুদর্শনৰ অর্ধশতকেৰে জয় গুজৰাটৰ
নিউজ ডেস্ক, ৩০ মার্চ : পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আইপিএলত ক্রমাগত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে৷ কালি আহমেদাবাদত অনুষ্ঠিত মেচখনত মুম্বায়ে গুজৰাট টাইটানছৰ হাতত ৩৬ ৰানত পৰাস্ত হয়৷ মেচখনত মুম্বাইৰ পৰাজয়ৰ মূলতে হ’ল বেটিং বিপর্যয়৷ গুজৰাটে জয়ৰ বাবে বান্ধি দিয়া ১৯৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৬০ ৰানহে কৰিবলৈ সক্ষম হয়৷ সূর্যকুমাৰ যাদৱ আৰু তিলক বার্মাৰ বাহিৰে বাকীসকল বেটাৰে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ সূর্যকুমাৰে ২৮টা বলত ১টা চাৰি আৰু ৪টা ছয়েৰে ৪৮ ৰান কৰাৰ লগতে তিলক বার্মাই ৩৯ ৰানৰ অৱদান আগবঢ়ায়৷ অ’পেনাৰ ৰোহিত শর্মাৰ লগতে ব্যর্থ হয় ৰিয়ান ৰিকেলটন৷ ৰোহিত শর্মাই ৮ আৰু ৰিকেলটনে ৬ ৰান কৰি বিদায় লয়৷ ইফালে, ৰবীন মিঞ্জে মাত্র ৩ ৰানহে কৰে৷ নমন ধীৰে ১৮ আৰু মিচেল ছাণ্টনাৰে ১৮ ৰানত অপৰাজিত হৈ থাকে৷ অধিনায়ক হার্দিক পাণ্ডিয়াই ১১ ৰানত পেভিলিয়নমুখী হয়৷ গুজৰাটৰ হৈ মহম্মদ চিৰাজ আৰু প্রসিদ্ধ কৃষ্ণ উভয়ে দুটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰ ছাই সুদর্শনৰ দর্শনীয় অর্ধশতকৰ সহায়ত গুজৰাট টাইটানছে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্রহ কৰে৷ প্রথম উইকেটৰ যুটিত ৭৮ ৰান সংগ্রহ কৰি গুজৰাটক সুন্দৰ আৰম্ভণি দিয়ে সুদর্শন আৰু অধিনায়ক শুভমন গিলে৷ গিলে ৩৮ ৰান কৰি বিদায় লয়৷ ইফালে, ৬৩ ৰানৰ দর্শনীয় ইনিংছ খেলা সুদর্শনে বাটলাৰৰ সৈতে দ্বিতীয় উইকেটত ৫১, শ্বাহৰুখ খানৰ সৈতে তৃতীয় উইকেটত ১৭ ৰান সংগ্রহ কৰে৷ বাটলাৰে ৩৯ ৰানৰ অৰিহণা আগবঢ়ায়৷ শ্বাহৰুখে ৯ আৰু শ্বেৰফান ৰাডাৰফ’র্ডে ১৮ ৰানহে কৰে৷ মুম্বাইৰ হৈ অধিনায়ক হার্দিক পাণ্ডিয়াই সর্বাধিক ২টা উইকেট লাভ কৰে৷