নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয়বাৰলৈ মহিলা প্রিমিয়াৰ লীগৰ খিতাপ জয় মুম্বাই ইণ্ডিয়ানছৰ

🔹 অধিনায়িকা হৰমনপ্রীতৰ দর্শনীয় অর্ধশতক : ৮ ৰানত পৰাস্ত দিল্লী

নিউজ ডেস্ক, ১৬ মার্চ : দ্বিতীয়বাৰলৈ মহিলা প্রিমিয়াৰ লীগত খিতাপ জয় কৰিলে মুম্বাই ইণ্ডিয়ানছে৷ ২০২৩ চনৰ উদ্বোধনী প্রতিযোগিতাখনত চেম্পিয়ন মুম্বায়ে চলিত বর্ষৰ প্রতিযোগিতাখনৰ ফাইনেল মেচখনত দিল্লী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰে৷ মেচখনত মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ১৫০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মাৰিজানে কাপৰ সর্বাধিক ৪০ ৰানৰ সহায়ত দিল্লী কেপিটেলছে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৪১ ৰান কৰে৷ জেমিমা ৰ’ড্রিগুৱেজে ৩০ আৰু নিকি প্রসাদে অপৰাজিতভাৱে ২৫ ৰান কৰে৷ অধিনায়িকা মেগ লেনিং আৰু জেছ জ’নাছেন উভয়ে ১৩ ৰানকৈ কৰে৷ ছেফালি বার্মাই মাত্র ৪ ৰানহে কৰে৷ এনাবেল ছাডাৰলেণ্ডে ২ আৰু ছাৰা ব্রাইছে মাত্র ৫ ৰান কৰি পেভিলিয়নমুখী হয়৷ মুম্বাইৰ হৈ নেট স্কাইভাৰে সর্বাধিক ৩টা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অধিনায়িকা হৰমনপ্রীত কৌৰৰ দর্শনীয় অর্ধশতক আৰু নেট স্কাইভাৰ–ব্রাণ্টৰ সময়োপযোগী ৩০ ৰানৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্রহ কৰে৷ ইনিংছ আৰম্ভ কৰিবলৈ আহি দলীয় স্ক’ৰ ১৪ ৰানতে অ’পেনাৰদ্বয় য়াষ্টিকা ভাটিয়া আৰু হেলী মেথিউজক হেৰুৱাই বিপদত পৰে মুম্বাই৷ য়াষ্টিকাই ৮ আৰু মেথিউজে ৩ ৰান কৰি পেভিলিয়নমুখী হয়৷ অৱশ্যে নেট স্কাইভাৰ–ব্রাণ্টে অধিনায়িকা হৰমনপ্রীতৰ সৈতে লগ লাগি তৃতীয় উইকেটত ৮৯ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ নেট স্কাইভাৰে ৩০ ৰান কৰি বিদায় লয়৷ নেট স্কাইভাৰ আউট হোৱাৰ পিছতে দলটো পুনৰ বিপর্যয়ত পৰে৷ মাত্র ১৫ ৰানৰ ব্যৱধানত ৪টাকৈ উইকেট হেৰুৱায় মুম্বায়ে৷ অৱশ্যে অধিনায়িকা হৰমনপ্রীতে দায়িত্বশীল বেটিঙেৰে ৬৬ ৰান কৰি দলক কিছু সুস্থিৰ অৱস্থাত উপনীত কৰায়৷ হৰমনপ্রীতৰ ৪৪টা বলৰ ইনিংছটোত আছিল ৯টা চাৰি আৰু ২টা ছয়৷ কামালিনীয়ে ১০ আৰু অমনজোৎ কৌৰে অপৰাজিতভাৱে ১৪ ৰান কৰে৷ দিল্লী কেপিটেলছৰ হৈ মাৰিজানে কাপ, জেছ জ’নাছেন আৰু শ্রী ছাৰানিয়ে দুটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়৷

You might also like