নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমখন মেচতে চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত মুম্বাই

নিউজ ডেস্ক, ২৪ মাৰ্চঃ আইপিএলৰ অন্যতম শক্তিশালী দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত মেচখন অনুৰাগীয়ে ভবাৰ দৰে উত্তেজনাপূর্ণ নহ’ল৷ ল’ স্ক’ৰিং মেচখনত কোনো এটা দলে অনুৰাগীক আপ্লুত কৰিব নোৱাৰিলে৷ মেচখনত চেন্নাই বিজয়ী হয় ৪ উইকেটত৷ প্রথমে বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৫ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷

কুকুৰৰ ভ্রমণৰ অনুমতি নাপাই বাথৰুমতে এৰি গ’ল যাত্রীয়ে

ভাৰতীয় অধিনায়ক তথা মুম্বাইৰ অ’পেনাৰ ৰোহিত শর্মাই শূন্য ৰানতে বিদায় লোৱাৰ পিছত আন বেটাৰসকলো ৰান সংগ্রহত ব্যর্থ হয়৷ দলৰ হৈ তিলক বার্মাই সর্বাধিক ৩১ ৰান, দীপক চহৰে ২৮ আৰু সূর্যকুমাৰ যাদৱে ২৯ ৰান কৰে৷ প্রত্যুত্তৰত চেন্নায়ে ১৯.১ অভাৰত ছটা উইকেট হেৰুৱাই ৪ উইকেটত বিজয়ী হয়৷ দলৰ অ’পেনাৰ ৰাছিন ৰবীন্দ্রই ৬৫ ৰানৰ এটি অপৰাজিত ইনিংছেৰে দলৰ বিজয়ত মুখ্য ভূমিকা লয়৷ আনহাতে, অধিনায়ক ৰুতুৰাজ গাইকোৱাডে ২৬টা বলত ৫৩ ৰান সংগ্রহ কৰে৷ অন্তিম মুহূর্তত ধোনীয়ে বেটিং কৰিবলৈ আহে যদিও দুটা বল খেলি ১ ৰানো নকৰাকৈ অপৰাজিত হৈ থাকে৷ ৰাছিনে ৬ কোবাই দলক বিজয় লক্ষ্যত উপনীত কৰায়৷ ৰবীন্দ্র জাদেজাই ১৭ ৰান কৰে৷ ৰাহুল ত্রিপাঠী, শিৱম ডুবে, চেম কাৰান ব্যর্থ হয়৷

You might also like