ষষ্ঠৰ পৰা তৃতীয় স্থানলৈ উন্নীত মুম্বাই
🔹 ৰোহিতৰ দর্শনীয় ৭০ : পৰাস্ত ছানৰাইজার্ছ
নিউজ ডেস্ক, ২৪ এপ্রিল : ষষ্ঠ স্থানৰ পৰা পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হ’ল পাঁচবাৰৰ চেম্পিয়ন ইণ্ডিয়ানছ৷ চলিত আইপিএলৰ কালি হায়দৰাবাদত অনুষ্ঠিত মেচখনত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজার্ছ হায়দৰাবাদক সহজেই ৭ উইকেটত পৰাস্ত কৰে৷ মন কৰিবলগীয়া যে মুম্বাইৰ এয়া আছিল ক্রমাগত দ্বিতীয় জয়৷ দলটোৱে এতিয়ালৈকে ৯খন মেচ খেলি ১০ পইণ্ট সংগ্রহ কৰিছে৷ কালিৰ মেচখনত হায়দৰাবাদে জয়ৰ বাবে বান্ধি দিয়া ১৪৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰোহিত শর্মাৰ দর্শনীয় অর্ধশতক আৰু সূর্য কুমাৰ যাদৱৰ অপৰাজিত ৪০ ৰানৰ সহায়ত মুম্বায়ে ১৫.৪ অভাৰত তিনিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ৰোহিতে ৪৬টা বলত আঠটা চাৰি আৰু তিনিটা ছয়েৰে ৭০ ৰান কৰে৷ সূর্য কুমাৰৰ ১৯টা বলৰ ইনিংছটোত আছিল পাঁচটা চাৰি আৰু দুটা ছয়৷ ইফালে, উইল জেকছে ২২, অ’পেনাৰ ৰিকেলটনে ১১ ৰান কৰি বিদায় লয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি ট্রেণ্ট ব’ল্টৰ চমকপ্রদ বলিঙৰ সন্মুখত হায়দৰাবাদে নির্ধাৰিত ২০ অভাৰত আঠটা উইকেট হেৰুৱাই ১৪৩ ৰানহে কৰে৷ দলটোৰ হৈ ক্লাছেনে সর্বাধিক ৭১ ৰান কৰাৰ লগতে অভিনৱ মনোহৰে ৪৩ ৰানৰ অৱদান আগবঢ়ায়৷ ট্রেভিছ হেডে ০, অভিষেক শর্মাই ৮, ঈশান কিশনে ১ আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে ২ ৰান কৰে৷ মুম্বাইৰ হৈ ব’ল্টে সর্বাধিক চাৰিটা উইকেট লাভ কৰে৷ উল্লেখ্য যে হায়দৰাবাদে ৯খন মেচৰ দুখনত জয় আৰু ছয়খনত পৰাস্ত হৈ পইণ্ট তালিকাৰ নৱম স্থানত আছে৷