নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রমাগত পঞ্চম জয়েৰে তৃতীয় স্থানলৈ উন্নীত মুম্বাই

🔹 পুনৰ ব্যর্থ ঋষভ পণ্ট : ৫৪ ৰানত পৰাস্ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

নিউজ ডেস্ক, ২৮ এপ্রিল : ক্রমাগত পঞ্চম জয়েৰে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আইপিএলৰ পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হৈছে৷ কালি ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত গুৰুত্বপূর্ণ মেচখনত ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৫৪ ৰানত পৰাস্ত কৰি প্লে-অফত প্রৱেশ কৰাৰ আশা সজীৱ কৰি তুলিছে৷

মুম্বায়ে পঞ্চম স্থানৰ পৰা তৃতীয় স্থানলৈ উন্নীত হয়৷ দলটোৱে এতিয়ালৈকে ১০খন মেচৰ ৬খনত জয় আৰু ৪খনত পৰাস্ত হৈ মুঠ ১২ পইণ্ট সংগ্রহ কৰিছে৷ মেচখনত মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ২১৬ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি খেল পথাৰ-ত তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহ আৰু ট্রেণ্ট ব’ল্টৰ বিধ্বংসী বলিঙৰ সন্মুখত লক্ষ্ণৌৱে নির্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৬১ ৰানহে কৰিবলৈ সক্ষম হয়৷ দলটোৰ হৈ সর্বাধিক ৩৫ ৰান কৰে আয়ুস বাড’নিয়ে৷ মিচেল মার্শ্বে ৩৪, নিকোলাছ পুৰানে ২৭, ডেভিদ মিলাৰে ২৪ আৰু ৰবি বিষ্ণয়ে ১৩ ৰান কৰে৷ অধিনায়ক ঋষভ পণ্ট পুনৰ ব্যর্থ হয়৷ কালি মাত্র ৪ ৰান কৰি পেভিলিয়নমুখী হয় অধিনায়কগৰাকী৷ মার্কৰামে ৯ ৰানত বিদায়ী লয়৷ মুম্বাইৰ হৈ বুমৰাহে সর্বাধিক ৪টা উইকেট লাভ কৰাৰ লগতে ব’ল্টে ৩টা, উইল জেকছে ২টা আৰু ক’র্বিন ব’চে ১টা উইকেট লাভ কৰে৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰ ৰিয়ান ৰিকেলটন আৰু সূর্য কুমাৰ যাদৱৰ দুর্দান্ত অর্ধশতকৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২১৫ ৰান সংগ্রহ কৰে৷ ৰিকেলটনে ৩২টা বলত ৬টা চাৰি আৰু ৪টা ছয়েৰে ৫৮ ৰান কৰাৰ লগতে সূর্য কুমাৰে ২৮টা বলত ৪টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৫৪ ৰানৰ অৱদান আগবঢ়ায়৷

ইমপেক্ট প্লেয়াৰ ৰোহিত শর্মাই ১২ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে উইল জেকছে ২৯, ক’র্বিনে ১০টা বলত ২০ ৰান কৰি বিদায় লয় যদিও নমন ধিৰে ১১টা বলত ২৫ ৰান কৰি অপৰাজিত হৈ থাকে৷ তিলক বার্মাই ৬ আৰু অধিনায়ক হার্দিক পাণ্ডিয়াই মাত্র ৫ ৰানহে কৰে৷ লক্ষ্ণৌৰ হৈ মায়ংক যাদৱ আৰু আভেছ খান উভয়ে সর্বাধিক ২টাকৈ উইকেট লাভ কৰে৷ লক্ষ্ণৌৱে ১০খন মেচৰ পাঁচখনত জয় আৰু সমসংখ্যক মেচত পৰাস্ত হৈ ১০ পইণ্টেৰে পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে৷

You might also like