নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’লৈ মুৰলী শ্রীশংকৰ; লং জাম্পত কেৰিয়াৰশ্রেষ্ঠ প্রদর্শন

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ  কেৰিয়াৰশ্রেষ্ঠ প্রদর্শন দাঙি ধৰি টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিলে ভাৰতৰ প্রতিভাৱান লং জাম্পাৰ মুৰলী শ্রীশংকৰে৷ পাটিয়ালাত চলি থকা ফেডাৰেচন কাপৰ লং জাম্পত ২১ বছৰীয়া শ্রীশংকৰে ৮.২৬ মিটাৰ জঁপিয়াই কেৰিয়াৰশ্রেষ্ঠ প্রদর্শন দাঙি ধৰাই নহয়, বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতা টকিঅ’ অলিম্পিকলৈও টিকট কাটিবলৈ সক্ষম হয়৷

শ্রীশংকৰে পঞ্চমটো প্রচেষ্টাত ৮.২৬ মিটাৰ জঁপিয়াই ২০১৮ চনৰ ৮.২০ মিটাৰ জঁপিওৱাৰ অভিলেখটো ভংগ কৰে৷ মন কৰিবলগীয়া যে অলিম্পিকলৈ যোগ্যতা অর্জনৰ সীমা আছিল ৮.২২ মিটাৰ৷ ৮.০২ মিটাৰ জঁপিওৱা শ্রীশংকৰে দ্বিতীয়টো প্রচেষ্টাত ৮.০৪ মিটাৰ, তৃতীয়টো প্রচেষ্টাত ৮.০৭ মিটাৰ আৰু চতুর্থটো প্রচেষ্টাত ৮.৯ মিটাৰ জঁপিয়াবলৈ সক্ষম হৈছিল৷ এই ইভেণ্টটোত অংশ লোৱা মহম্মদ আনেছ য়াহিয়াই ৮ মিটাৰ আৰু কর্ণাটকৰ এছ লোকেশে ৭.৬০ মিটাৰ জঁপিয়াই ক্রমে ৰূপ আৰু ব্রঞ্জ জিনে৷

You might also like