বজৰং পুনিয়াক ৪ বছৰৰ বাবে নিলম্বন নাডাৰ
🔹 প্রতিযোগিতাৰ লগতে থাকিব নোৱাৰিব প্রশিক্ষকৰ ভূমিকাতো
নিউজ ডেস্ক, ২৮ নৱেম্বৰ : ভাৰতীয় মল্লযুঁজৰ অন্যতম শ্রেষ্ঠ খেলুৱৈ বজৰং পুনিয়াক চাৰি বছৰৰ বাবে নিলম্বন কৰিছে ৰাষ্ট্রীয় এণ্টি ডপিং এজেঞ্চী (নাডা)–এ৷ চলিত বর্ষৰ ২৩ এপ্রিলৰ পৰা আৰম্ভ হৈছে এই নিলম্বন৷ যোৱা মার্চ মাহত ৰাষ্ট্রীয় দলৰ পৰীক্ষাৰ সময়ত ড’প টেষ্টৰ বাবে নমুনা দিবলৈ অস্বীকাৰ কৰিছিল বজৰং পুনিয়াই৷ নাডাৰ নির্দেশ অমান্য কৰাৰ বাবে তেওঁক চাৰি বছৰৰ বাবে নিলম্বনৰ শাস্তি প্রদান কৰা হয়৷ নাডাই প্রথমে ২৩ এপ্রিলত টকিঅ’ গেমছৰ ব্রঞ্জৰ পদক বিজয়ী মল্লযুঁজাৰুগৰাকীক এই অপৰাধৰ বাবে নিলম্বন কৰিছিল৷ ইয়াৰ পাছত ইউ ডব্লিউ ডব্লিউৱেও তেওঁক নিলম্বন কৰে৷ পিছত বজৰঙে অস্থায়ী নিলম্বনৰ বিৰুদ্ধে আবেদন জনাইছিল আৰু নাডাৰ অভিযোগৰ জাননী জাৰি নকৰালৈকে নাডাৰ এণ্টি ডিচিপ্লিনেৰী ড’পিং পেনেলে ৩১ মে’ত এই নিলম্বন বাতিল কৰিছিল৷ তাৰ পিছত ২৩ জুনত নাডাই মল্লযুঁজাৰুগৰাকীক জাননী প্রদান কৰে৷ এই চাৰি বছৰীয়া নিলম্বনৰ সময়ছোৱাত বজৰং পুনিয়াই কোনো মল্লযুঁজ প্রতিযোগিতাত অংশগ্রহণ কৰিব নোৱাৰিব৷ কেৱল সেয়াই নহয়, কোনো আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত প্রশিক্ষকৰ ভূমিকাত থাকিব নোৱাৰে৷ নাডাৰ পৰীক্ষাত বিশ্বাস নথকাৰ বাবেই নমুনা দিবলৈ অস্বীকাৰ কৰিছিল বজৰঙে৷ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্রাক্তন সভাপতিৰ বিৰুদ্ধে মল্লযুঁজাৰুৰ প্রতিবাদত অংশগ্রহণ কৰাৰ বাবেই তেওঁৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে এই সিদ্ধান্ত লোৱা বুলিও দাবী কৰে বজৰং পুনিয়াই৷ বজৰং পুনিয়াই ইচ্ছাকৃতভাৱে নমুনা দিয়া নাছিল বুলি নাডাই স্পষ্ট কৰি দিছে৷ সহযোগী মল্লযুঁজাৰু ভিনেশ ফ’গাটৰ সৈতে কংগ্রেছত যোগদান কৰা আৰু সর্বভাৰতীয় কিষাণ কংগ্রেছৰ দায়িত্ব দিয়া বজৰঙে ১১ জুলাইত লিখিতভাৱে এই অভিযোগক প্রত্যাহ্বান জনাইছিল আৰু তাৰ পিছত ২০ ছেপ্টেম্বৰ আৰু ৪ অক্টোবৰত শুনানি অনুষ্ঠিত হৈছিল৷ এডিডিপিয়ে নিজৰ আদেশত কয় যে পেনেলৰ মতে এথলীটজনক ১০.৩.১ অনুচ্ছেদৰ অধীনত ৪ বছৰৰ বাবে নিলম্বন কৰা হৈছে৷