নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰোৰাম বর্মন সোঁৱৰণী ফুটবলৰ ছেমিত বিদ্যুৎ পৰিষদ

চামতাত ৪৪সংখ্যক নৰোৰাম বর্মন সোঁৱৰণী ফুটবল
কাইলৈ প্রথম ছেমিত মুকালমুৱা বনাম অসম পুলিচ
নিয়মীয়া বার্তা, ২৪ জানুৱাৰীঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰামাঞ্চলৰ আগশাৰীৰ ক্ৰীড়ানুষ্ঠান চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ দ্বাৰা পৰিচালিত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ৪৪সংখ্যক দিবা-নৈশ নৰোৰাম বৰ্মন সোঁৱৰণী চলন্ত ট্রফি প্রাইজমানি ফুটবল প্রতিযোগিতাৰ আজি অনুষ্ঠিত হয় শেষৰখন কোৱার্টাৰ ফাইনেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দল গুৱাহাটী আৰু এ পি আৰ অ’ গুৱাহাটীৰ মাজত ৷ খেলখন পৰিচালনা কৰে গকুল দাস, হীৰেন বর্মন, মণিপ্ৰিন্স হাজৰিকা আৰু নৱজিত কলিতাই৷ দুয়োটা দলে আক্রমণ প্রত্যাক্রমণেৰে খেলে আৰু সুন্দৰ খেল দর্শকক উপভোগ কৰাৰ সুবিধা দিয়ে৷ দুয়ো দলে প্রথমার্ধৰ পৰাই ভাল খেলে যদিও খেল আৰম্ভ হোৱাৰ প্রায় ৬ মিনিটৰ ভিতৰত এ পি আৰ অ’ দলৰ দুর্দান্ত খেলুৱৈ ৰাহুল খানে বহু কষ্টৰ মাজে বিদ্যুৎ পৰিষদৰ বিপক্ষে প্রথমটো গ’ল স্কোৰ কৰি এ পি আৰ অ’ দলক আগবঢ়ায় যদিও প্রথমার্ধৰ ১১ মিনিটত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ খেলুৱৈ বিশ্বজিৎ কর্মকাৰে দলৰ হৈ এটা গ’ ল দি সমতা স্থাপন কৰে। মুঠতে প্ৰথমাৰ্ধ দুয়ো দলে ১-১ গলত ড্ৰ হৈ থাকে৷ দ্বিতীয়ার্ধৰ ৩৮ মিনিটত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ খেলুৱৈ লুইচ শইকীয়াই এক গল আৰু ৩৯ মিনিটত বিদ্যুৎ পৰিষদৰ খেলুৱৈ চন্দন বর্মনে এক গ’ল দি বিদ্যুৎ পৰিষদে আজিৰ খেলত এ পি আৰ অ’ক ৩-১ গলৰ ব্যৱধানত পৰাজিত কৰি নৰোৰাম বর্মন ফুটবলৰ ছেমিফাইনেলত প্রৱেশ কৰে৷ কাইলৈ প্রথম ছেমিফাইনেলত অংশগ্রহন কৰিব মুকালমুৱা আঞ্চলিক ক্রীড়া সন্থা আৰু অসম পুলিচ দলে ৷
প্রেৰক তপন কুমাৰ শর্মা
You might also like