১০ বছৰৰ মূৰত আইপিএললৈ নৱজোৎ সিং সিদ্ধু
🔹 ৰাজনীতিৰ পৰা এইবাৰ ক্ৰিকেটৰ পথাৰলৈ
বিশেষ বাৰ্তা, ১৯ মার্চ : এটা দশকৰ পাছত আইপিএলত শুনা যাব এক চিনাকি কণ্ঠ৷ পুনৰ ধাৰাভাষ্যকাৰলৈ উভতি আহিছে নৱজোৎ সিং সিদ্ধু৷ সম্প্রচাৰ কোম্পানী ষ্টাৰ স্প’ৰ্টছে জনাইছে যে আগন্তুক আইপিএলত পুনৰ বক্স অফিচলৈ ঘূৰি আহিব সিদ্ধু৷ টীম ইণ্ডিয়াৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে নিজেই চিনাকি সুৰত পুনৰ প্রত্যাৱর্তনৰ কথা ঘোষণা কৰিছে৷ সিদ্ধুৱে কয়– যেনেকৈ মাছে পানী পালে সুখী হয়, তেনেকৈ ক্রিকেট পাই ময়ো সুখী৷ ক্রিকেট মোৰ প্রেম আৰু যেতিয়া প্রেম এটা পেছাত পৰিণত হয় তেতিয়া ইয়াতকৈ ভাল একোৱেই নহয়৷ এটা সংবাদ মাধ্যমক দিয়া সাক্ষাতকাৰত সিদ্ধুৱে কয় যে ধাৰাভাষ্যকাৰ মোৰ তেজত আছে৷ মানুহে মোক তাৰ বাবেই চিনি পায়৷ এসময়ত তেওঁ গোটেই প্রতিযোগিতাখনৰ বাবদ ৬০–৭০ লাখ টকা পাইছিল৷ তাৰ পৰাই তেওঁৰ জনপ্রিয়তা ইমানেই বাঢ়িছিল যে প্রতিদিনে তেওঁক ২৫ লাখ টকা দিয়া হৈছিল বুলি সিদ্ধুৱে কয়৷ ৬০ বছৰীয়া সিদ্ধু ভাৰতৰ অন্যতম শ্রেষ্ঠ ধাৰাভাষ্যকাৰ৷ মানুহে তেওঁৰ মাত শুনিবলৈ অপেক্ষা কৰে৷ বিশেষকৈ হিন্দী ভাষাত সিদ্ধুৰ ধাৰাভাষ্য আৰু আগ্রহৰ বিষয়৷