মৰিয়নিত আন্তঃজিলা নেটবল টুৰ্ণামেন্টঃ ছাব-জুনিয়ৰৰ ল’ৰাৰ শাখাত লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড় আৰু ছোৱালীত শিৱসাগৰ, গুৱাহাটী, চৰাইদেউ, গোলাঘাট ছেমিত
বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰঃ যোৰহাট জিলা নেটবল সন্থাৰ উদ্যোগত আৰু নেটবল সন্থা অসমৰ তত্বাৱধানত মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত চলি থকা মনিৰাম মহন- নিৰু মহন আৰু মানিক চন্দ্ৰ মহন্ত আৰু ক্ষীৰদা মহন্ত সোঁৱৰণী সদৌ অসম আন্তঃজিলা (জুনিয়’ৰ আৰু ছাব-জুনিয়’ৰ) নেটবল টুৰ্ণামেন্টৰ আজি দ্বিতীয় দিনৰ খেল সুকলমে অনুষ্ঠিত হৈ যায়। তিনিখন খেলপথাৰত পুৱাৰে পৰা খেল অনুষ্ঠিত হোৱাৰ ওপৰিও নৈশালোকত বাতৰি লিখাৰ পৰলৈকে খেল অনুষ্ঠিত হৈ আছে। আজি অনুষ্ঠিত ছাব জুনিয়’ৰ ল’ৰাৰ শাখাত শিৱসাগৰে বাক্সাক ১৯-১১ গ’লত, লক্ষীমপুৰে যোৰহাটক ৯-৩ গ’লত, চৰাইদেৱে গোলাঘাটক ১১-৭ গ’লত, গুৱাহাটীয়ে ধেমাজীক ১৭-১ গ’লত, চৰাইদেৱে গুৱাহাটীক ১৩-৬ গ’লত, গোলাঘাটে ধেমাজীক ২০-০১ গ’লত, চৰাইদেৱে ধেমাজীক শোচনীয়ভাৱে ১৫-০ গ’লত, গুৱাহাটীয়ে গোলাঘাটক ১২-১১ গ’লৰ ব্যৱধানত পৰাজিত কৰে। আনহাতে, ছাব – জুনিয়’ৰ ছোৱালীৰ শাখাত শিৱসাগৰে তামুলপুৰক ৬-৫ গ’লত, গুৱাহাটীয়ে যোৰহাটক ১২-৩ গ’লত, তামুলপুৰে লক্ষীমপুৰক ১৯-১ গ’লত, শিৱসাগৰে লক্ষীমপুৰক ৮-৩ গ’লত, চৰাইদেৱে বাক্সাক ১৩-১১ গ’লত আৰু গোলাঘাটে ডিব্ৰুগড়ক ১০-৮ গ’লৰ ব্যৱধানত পৰাজিত কৰে। শেহতীয়া বাতৰি মতে, ছাব- জুনিয়’ৰ শাখাৰ ল’ৰা আৰু ছোৱালী উভয় শাখাৰে ছেমি ফাইনেলৰ লাইন আপ নিৰ্ণয় হৈছে। নেটবল সন্থা অসমৰ সম্পাদক বিৰজু ৰামে জানিবলৈ দিয়া মতে, ছাব-জুনিয়’ৰৰ ছোৱালীৰ শাখাৰ ছেমিফাইনেলত শিৱসাগৰে গুৱাহাটীৰ বিৰুদ্ধে আৰু চৰাইদেৱে গোলাঘাটৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে, ল’ৰাৰ শাখাত লক্ষীমপুৰে চৰাইদেউৰ বিৰুদ্ধে আৰু শিৱসাগৰে ডিব্ৰুগড়ৰ বিৰুদ্ধে ছেমিত অৱতীৰ্ণ হ’ব। ইফালে, জুনিয়’ৰৰ ল’ৰাৰ শাখাত শিৱসাগৰে গুৱাহাটীক ২০-৭ গ’ল, গুৱাহাটীয়ে বঙ্গাইগাঁৱক ১৪-৩ গ’ল, বাক্সাই যোৰহাটক ১০-৯ গ’ল, তামুলপুৰে লক্ষীমপুৰক ১৪-৮ গ’ল, তিনিচুকীয়াই নগাঁৱক ১২-০ গ’ল, চৰাইদেৱে ডিব্ৰুগড়ক ১৯-৩ গ’ল, তিনিচুকীয়াই তামুলপুৰক ২০ -৪ গ’ল, লক্ষীমপুৰে নগাঁৱক ৮-০ গ’ল, তামুলপুৰে নগাঁৱক ১৪-১ গ’ল আৰু তিনিচুকীয়াই লক্ষীমপুৰক ১৬-২ গ’লৰ ব্যৱধানত পৰাজিত কৰি অগ্ৰগতি অৰ্জন কৰে। আনহাতে, যোৰহাট আৰু গোলাঘাটৰ মাজৰ খেল ৮-৮ গ’লত অমীমাংসিত হৈ ৰয়। ছোৱালীৰ শাখাত শিৱসাগৰে গোলাঘাটক ১১-১গ’ল, বাক্সাই গোলাঘাটক ৬-৪ গ’ল, শিৱসাগৰে লক্ষীমপুৰক ৯-১ গ’ল, লক্ষীমপুৰে গোলাঘাটক ৭-৪ গ’লৰ ব্যৱধানত পৰাজিত কৰে। বাক্সা আৰু লক্ষীমপুৰৰ মাজৰ খেল ৫-৫ গ’লত অমীমাংসিত হৈ ৰয়। জুনিয়’ৰ ছোৱালী শাখাৰ খেলসমূহ বাতৰি লিখাৰ পৰলৈকে চলি আছে। ইফালে, আজি খেলৰ মাজতে খেলুৱৈ আৰু টেকনিকেল অফিচিয়েলসকলৰ সৈতে মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন শইকীয়া, উপাধ্যক্ষ লাচিত গগৈ, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, নেটবল সন্থা অসমৰ সম্পাদক বিৰজু ৰাম, যুটীয়া সম্পাদক পিকলু ৰয়, যোৰহাট জিলা নেটবল সন্থাৰ সভাপতি নেকিবুল ইছলাম, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় নেটবল খেলুৱৈ ঝৰ্ণা দেৱনাথ, প্ৰাক্তন ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ দীপা গোৱালা, প্ৰাক্তন ৰাষ্ট্ৰীয় নেটবল খেলুৱৈ-প্ৰশিক্ষক তৰুণ গগৈ আদিক চিনাকি কৰাই দিয়া হয়। কাইলৈ পুৱা ছেমি ফাইনেল আৰু বিয়লিলৈ ফাইনেল খেলসমূহ অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া