ফেভাৰিট টীম ইণ্ডিয়াৰ সন্মুখত আত্মবিশ্বাসী নিউজিলেণ্ড
🔹 ডুবাইত আজি চেম্পিয়নছ ট্রফীৰ খিতাপ যুঁজৰ মেচ
নিউজ ডেস্ক, ৯ মার্চ : সুদীর্ঘ ১২ বছৰৰ পিছত আইচিচি চেম্পিয়নছ ট্রফীৰ খিতাপ পুনৰুদ্ধাৰ কৰাৰ বাবে সাজু হৈছে টীম ইণ্ডিয়া৷ চলিত চেম্পিয়নছ ট্রফীৰ আজি ডুবাইত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত টীম ইণ্ডিয়াৰ প্রতিদ্বন্দ্বী হ’ল নিউজিলেণ্ড৷ আজিৰ মেচখনত টীম ইণ্ডিয়াক ফেভাৰিট আখ্যা দিয়া হৈছে যদিও আত্মবিশ্বাসী নিউজিলেণ্ডে ভাৰতৰ সন্মুখত হেঙাৰ হিচাপে থিয় দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ আইচিচিৰ নক আউট মেচত নিউজিলেণ্ডৰ বিপক্ষে টীম ইণ্ডিয়াৰ ফলাফল বিশেষ সুবিধাজনক নহয়৷ এতিয়ালৈকে দুয়োটা দলে আইচিচিৰ নক আউট মেচত চাৰিবাৰ মুখামুখি হৈছে আৰু ইয়াৰে তিনিবাৰ নিউজিলেণ্ডে জয়লাভ কৰাৰ বিপৰীতে ভাৰতে মাত্র এবাৰহে জয়ৰ সোৱাদ লাভ কৰিছে৷ ২০০০ চনত চেম্পিয়নছ ট্রফীৰ ফাইনেলত নিউজিলেণ্ডে ভাৰতক পৰাস্ত কৰাৰ উপৰি ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেল আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো টীম ইণ্ডিয়াক পৰাস্ত কৰিছিল নিউজিলেণ্ডে৷ অৱশ্যে আজি ফাইনেল মেচখনত কিৱি বাহিনীৰ বিপক্ষে এক বিশেষ ৰণনীতিৰে নামিব ৰোহিত ব্রিগেড৷ স্পিনাৰেৰে নিউজিলেণ্ডক বশ কৰাৰ পৰিকল্পনা কৰিছে টীম ইণ্ডিয়াই৷ আজিৰ ফাইনেল মেচখনত চাৰিগৰাকী স্পিনাৰেৰে অৱতীর্ণ হোৱাৰ সম্ভাৱনা আছে ভাৰতীয় দলটো৷ কুলদীপ যাদৱ, বৰুণ চক্রৱর্তী, অক্ষৰ পেটেল আৰু ৰবীন্দ্র জাদেজাই ভাৰতীয় দলটোৰ মূল একাদশত স্থান লাভ কৰাৰ অধিক সম্ভাৱনা আছে৷ ইফালে, পেচ বলিঙৰ দায়িত্বত থাকিব মহম্মদ ছামি আৰু অর্শদীপ সিং৷ প্রতিযোগিতাখনত অপৰাজেয় হৈ থকা টীম ইণ্ডিয়াই গ্রুপ পর্যায়ৰ মেচত নিউজিলেণ্ডক পৰাস্ত কৰিছিল৷ আজি খিতাপ যুঁজৰ মেচখনত বিজয় সাব্যস্ত কৰি প্রতিযোগিতাখনত অপৰাজেয় হৈ অভিযান সামৰাৰ লক্ষ্য লৈছে ভাৰতীয় দলটোৱে৷ ফাইনেল মেচখনত বৰুণ চক্রৱর্তী ভাৰতীয় দলটোৰ মূল অস্ত্র হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ কাৰণ প্রতিযোগিতাখনৰ দুখন মেচত অংশ লৈ যাদুকৰী স্পিনেৰে বিপক্ষ দলৰ ত্রাসৰ কাৰণ হৈ পৰিছিল৷ উল্লেখ্য যে নিউজিলেণ্ডে ২০০০ চনত চেম্পিয়নছ ট্রফীৰ খিতাপ জয় কৰাৰ বিপৰীতে টীম ইণ্ডিয়াই ২০০২ চনত শ্রীলংকাৰে যুটীয়াভাৱে চেম্পিয়ন হোৱাৰ লগতে ২০১৩ চনতো প্রতিযোগিতাখনৰ খিতাপ জয় কৰিছিল৷ খেলৰ সময় : দিনৰ ২.৩০ বজা৷