নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডৰ সন্মুখত শক্তিশালী দক্ষিণ আফ্রিকা

🔹 লাহোৰত আজি চেম্পিয়নছ ট্রফীৰ দ্বিতীয় ছেমি

নিউজ ডেস্ক, ৫ মার্চ : আইচিচি চেম্পিয়নছ ট্রফীৰ আজি লাহোৰত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত প্রতিদ্বন্দ্বিতা আগবঢ়াব প্রাক্তন দুই চেম্পিয়ন নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকাই৷ দক্ষিণ আফ্রিকাই ১৯৯৮ চনত চেম্পিয়ন হোৱাৰ বিপৰীতে ২০০০ চনত নিউজিলেণ্ডে সন্মানীয় প্রতিযোগিতাখনত খিতাপ জয় কৰিছিল৷ সুদীর্ঘ ২৭ বছৰ পিছত চেম্পিয়নছ ট্রফীৰ খিতাপ জয়ৰ লক্ষ্যৰে আজি অৱতীর্ণ হ’ব প্রটিয়াজ বাহিনী৷ প্রতিযোগিতাখনৰ গ্রুপ ‘বি’ত অপৰাজেয় হৈ থকা দক্ষিণ আফ্রিকাই আজিৰ ছেমিফাইনেলক লৈ আত্মবিশ্বাসী৷ প্রতিযোগিতাখনত সতীর্থসকলে দাঙি ধৰা প্রদর্শনত সন্তুষ্টি প্রকাশ কৰি অধিনায়ক টেম্বা বাভুমাই কয়– ‘শেহতীয়াভাৱে দক্ষিণ আফ্রিকাই উন্নত প্রদর্শন দাঙি ধৰি আহিছে৷ আশা কৰিছোঁ- এই গুৰুত্বপূর্ণ মেচখনতো সতীর্থসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি দলটোক ফাইনেলত উপনীত কৰোৱাত মুখ্য ভূমিকা ল’ব৷ আমি প্রথমৰ পৰাই আক্রমণাত্মক খেল দাঙি ধৰি নিউজিলেণ্ডক চাপত ৰাখিব লাগিব৷ কাৰণ, নিউজিলেণ্ড দলটোত কেইবাগৰাকী আগশাৰীৰ খেলুৱৈ আছে৷ তেওঁলোকৰ বিৰুদ্ধে আমি বিশেষ ৰণনীতি তৈয়াৰ কৰিছোঁ৷’ ইফালে, মিচেল ছাণ্টনাৰ নেতৃত্বাধীন নিউজিলেণ্ডেও গ্রুপ ‘এ’ৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থাকি ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ চেম্পিয়নছ ট্রফীৰ পূর্বে পাকিস্তানত অনুষ্ঠিত ত্রিদেশীয় শৃংখলাৰ ফাইনেলত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি চেম্পিয়ন হৈছিল নিউজিলেণ্ড৷ গতিকে, আজি ছেমিতো প্রটিয়াজ বাহিনীক পৰাস্ত কৰিব পাৰিব বুলি আত্মবিশ্বাসী ছাণ্টনাৰ বাহিনী৷ খেলৰ সময় : দিনৰ ২.৩০ বজা৷

You might also like