অহা বর্ষতো চিএছকেত থাকিব ধোনী
নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ চলিত আই পি এলত প্রত্যাশিত প্রদর্শন দাঙি ধৰিব নোৱৰাৰ বাবে অনুৰাগীৰ কঠোৰ সমালোচনাৰ সন্মুখীন হ’লেও অধিনায়ক মহেন্দ্র সিং ধোনীয়ে চেন্নাই ছুপাৰ কিংছ ত্যাগ নকৰে৷ দলটোৰ অধিনায়কগৰাকীয়ে আজি স্বয়ং এই কথা ঘোষণা কৰিছে৷ কিংছ একাদশ পঞ্জাবৰ বিৰুদ্ধে লীগৰ অন্তিমখন মেচৰ টছৰ সময়ত ধোনীয়ে ধাৰাভাষ্যকাৰ ডেনী মৰিছনৰ এক প্রশ্ণৰ উত্তৰত স্পষ্টভাৱে কয় যে তেওঁ ২০২১তো চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব৷ কিংছ একাদশ পঞ্জাবৰ বিৰুদ্ধে খেলা মেচখন তেওঁৰ অন্তিম আই পি এল মেচ নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত ধোনীয়ে কয়– ‘নিশ্চয়কৈ নহয়৷’ উল্লেখ্য যে আই পি এলৰ প্লে’ অফত প্রথমবাৰৰ বাবে প্রৱেশ কৰিবলৈ সক্ষম নোহোৱা চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীক এইবাৰ অনুৰাগীয়ে স্বাভাৱিক ছন্দত দেখিবলৈ পোৱা নাই৷ ১৩খন মেচত তেওঁ সংগ্রহ কৰিছে মাত্র ২০০ ৰান৷