নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামিবিয়াৰে এদিনীয়া শৃংখলা : দলৰ নেতৃত্বত ৰিয়ান পৰাগ

বিশেষ বাৰ্তা, ১৩ জুন : পাঁচখন এদিনীয়া মেচৰ শৃংখলাত অংশ লোৱাৰ উদ্দেশ্যে নামিবিয়া ভ্রমণ কৰিব অসম ক্রিকেট দলে৷ ২১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাটোৰ বাবে তাৰকা খেলুৱৈ ৰিয়ান পৰাগক অসম দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে৷ শৃংখলাটো ২১–২৯ জুনলৈকে চলিব৷ শৃংখলাটোৰ বাবে ঘোষিত অসম দলটো হ’ল– ৰিয়ান পৰাগ, ডেনিছ দাস, প্রদ্যুন শইকীয়া, ৰাহুল হাজৰিকা, ঋষভ দাস, শিৱশংকৰ ৰয়, শুভম মণ্ডল, আকাশ সেনগুপ্তা, অম্লানজ্যোতি দাস, কুনাল শর্মা, মৃণ্ময় দত্ত, পাৰভেজ মুছাৰফ, স্বৰূপম পুৰকায়স্থ, অভিষেক ঠাকুৰী, অনুৰাগ তালুকদাৰ, ৰুহিনন্দন পেগু, সুমিত গাড়িগাওকাৰ, অভিনৱ চৌধুৰী, ভার্গৱ দত্ত, দর্শন ৰাজবংশী, দীপজ্যোতি শইকীয়া, মুখতাৰ হুছেইন, ৰাহুল সিং আৰু সিদ্ধার্থ শর্মা৷

You might also like