অলিম্পিকৰ পদক বিক্রী কৰি শিশুৰ চিকিৎসা মাৰিয়াৰ
নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: মানৱতাৰ উৎকৃষ্ট নির্দশন দাঙি ধৰি পোলেণ্ডৰ এগৰাকী ক্রীড়াবিদে দুসপ্তাহ পূর্বে টকিঅ’ অলিম্পিকত জয় কৰা ৰূপৰ পদক বিক্রীৰ বাবে মুকলি কৰি দিছে৷ এটি ৮ মহীয়া শিশুৰ উন্নত চিকিৎসাৰ বাবে প্রয়োজন হোৱা বৃহৎ ধনৰাশি সংগ্রহ কৰিবলৈ অলিম্পিকৰ পদক বিক্রীৰ বাবে সাজু হোৱা পোলেণ্ডৰ এই ক্রীড়াবিদ গৰাকী হ’ল তাৰকা জেভলিন থ্র’ৱাৰ মাৰিয়া আন্দ্রেজিক৷
২০১৬ৰ ৰিঅ’ অলিম্পিকত মাত্র ২ চেণ্টিমিটাৰৰ বাবে পদকৰ পৰা বঞ্চিত হোৱা তাৰকাগৰাকীৰ এই মহানুভৱতাই বিশ্বৰ ক্রীড়া মহলত ভূয়সী প্রশংসা লাভ কৰিছে৷
উল্লেখ্য যে পোলেণ্ডৰ এটা সংগঠনে নিলামত মাৰিয়া আন্দ্রেজিকৰ পদক ৩০ হাজাৰ পাউণ্ডেৰে ক্রয় কৰে যদিও খেলুৱৈগৰাকীৰ মহানুভৱতাৰ প্রতি সন্মান জনাই পৰৱর্তী সময়ত সংগঠনটোৱে মাৰিয়াক তেওঁৰ পদক ওভটাই দিয়ে৷ লগতে সংগঠনটোৱে ৮ মহীয়া শিশুটোৰ উন্নত চিকিৎসাৰ বাবে প্রয়োজন হোৱা ধনৰাশি দান কৰে৷
মন কৰিবলগীয়া যে জটিল হূদৰোগত আক্রান্ত শিশুটোক সুস্থ কৰি তুলিবলৈ ইউৰোপৰ অধিকাংশ দেশৰ চিকিৎসালয়ে অপাৰগতা প্রকাশ কৰিছে যদিও আমেৰিকা যুক্তৰাষ্ট্রৰ ষ্টেণ্ডফ’ড ইউনিভাৰছিটি মেডিকেল চেণ্টাৰে শিশুটোৰ অস্ত্রোপচাৰ সম্পন্ন কৰিবলৈ সন্মত হৈছে৷ কিন্তু ইয়াৰ বাবে শিশুটোৰ পৰিয়ালক প্রয়োজন হৈছে বৃহৎ ধনৰাশি৷ এই সংবাদ লাভ কৰি পোলেণ্ডৰ অলিম্পিক পদক বিজয়ী তাৰকা জেভলিন থ্র’ৱাৰ মাৰিয়া আন্দ্রেজিক আগুৱাই আহিছে৷