নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়াৰো অধিনায়কত্ব হেৰুৱাব কোহলিয়েঃ বৈঠকত বহিব নির্বাচক মণ্ডলী

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ আই চি চি টি–২০ বিশ্বকাপৰ ছুপাৰ ১২ৰ গ্রুপ পর্যায়ৰ প্রথম দুয়োখন মেচতে পৰাস্ত হৈ দেশজুৰি ধিক্কাৰৰ সন্মুখীন হোৱা ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে এদিনীয়া দলটোৰ অধিনায়কত্ব হেৰুওৱাৰ অধিক সম্ভাৱনা আছে৷ চলিত বিশ্বকাপখনত চিৰ প্রতিদ্বন্দ্বী পাকিস্তান আৰু নিউজিলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছত আই চি চিৰ সন্মানীয় প্রতিযোগিতাখনৰ ছেমিফাইনেলত প্রৱেশৰ আশা প্রায় নাইকিয়া হৈ পৰিছে বিৰাট ব্রিগেডৰ৷

প্রতিযোগিতাখনত ভাৰতীয় দলটোৰ খেলুৱৈসকলে দাঙি ধৰা প্রদর্শনত ক্ষুণ্ণ হৈ পৰিছে দেশখনৰ কেইবাজনো প্রাক্তন অধিনায়ক তথা খেলুৱৈয়ে৷ ইফালে, খেলুৱৈসকলৰ নিম্নমানৰ প্রদর্শনত টীম ইণ্ডিয়াৰ নির্বাচক মণ্ডলীয়েও অসন্তুষ্ট হৈ পৰিছে৷ দলটোক সন্মুখৰ পৰা নেতৃত্ব দিব নোৱাৰাৰ বাবেই কোহলিক এদিনীয়া দলৰ অধিনায়ক পদৰ পৰাও আঁতৰোৱাৰ চিন্তা–চর্চা চলিছে৷

সম্ভৱতঃ কোহলিয়ে এদিনীয়া দলটোৰ অধিনায়ক পদটোও হেৰুৱাব৷ বিশ্বকাপখনৰ পিছতে নিউজিলেণ্ডৰ বিপক্ষে খেলিবলগীয়া শৃংখলাটোৰ বাবে ভাৰতীয় দলটো গঠনৰ উদ্দেশ্যে অচিৰেই নির্বাচক মণ্ডলীয়ে বৈঠকত মিলিত হ’ব৷ এই বৈঠকখনতে কোহলিৰ এদিনীয়া দলৰ অধিনায়ক পদটোত বাহাল থকা সন্দর্ভতো আলোচনা চলিব৷ কোহলিৰ পৰিৱর্তে ৰোহিত শর্মাক টি–২০ আৰু এদিনীয়া দলটোৰ অধিনায়ক পদত নিযুক্তি দিয়াৰ চিন্তা–চর্চাও চলিব নির্বাচক মণ্ডলীৰ এই বিশেষ বৈঠকখনত৷ অৱশ্যে নির্বাচক মণ্ডলীয়ে বিৰাট কোহলিক টেষ্ট দলটোৰ অধিনায়কৰ দায়িত্ব অর্পণ কৰিব৷

You might also like