নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীগাঁৱত ৯ মহিলা–যুৱতীসহ ২ যুৱকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত এটা অসাধু চক্রই দীর্ঘদিন ধৰি দেহ ব্যৱসায় চলাই আহিছে৷ মহানগৰ আৰক্ষীৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি এই চক্রটোৱে গণেশগুৰি, হাতীগাঁও, ছয়মাইল, গড়চুক, লখৰা, জালুকবাৰী, পল্টনবজাৰ, মালিগাঁও, ফটাশিল আমবাৰীকে ধৰি বিভিন্ন স্থানত দেহ ব্যৱসায় চলাই আহিছে৷ বৰপেটা, ছয়গাঁও, ধুবুৰী আদিকে ধৰি বিভিন্ন স্থানৰ পৰা চাকৰি দিয়াৰ প্রলোভনেৰে গুৱাহাটীলৈ যুৱতী–মহিলাক আনি দেহ ব্যৱসায়ত লিপ্ত কৰায়৷ গুৱাহাটীত দীর্ঘদিন ধৰি দেহ ব্যৱসায় চলাই অহা এই চক্রটোৰ বিৰুদ্ধে মঙলবাৰে মহানগৰ আৰক্ষী, অপৰাধ শাখাৰ এটা দলে অভিযান চলায়৷

আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত অভিযানকাৰী দলটোৱে হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথত অভিযান চলাই দেহ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত ৯গৰাকী যুৱতীসহ দুজন যুৱকক গ্রেপ্তাৰ কৰে৷ অভিযানকাৰী দলটোৱে ভাৰাঘৰটোৰ পৰা দেহ ব্যৱসায়ত জড়িত যুৱক–যুৱতী কেইগৰাকীৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ কৰে৷ মহানগৰ আৰক্ষীৰ দলটোৱে বাতৰি লিখাৰ পৰলৈকে হাতীগাঁৱৰ কেইবাটাও স্থানত এই দেহ ব্যৱসায়ী চক্রটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীৰ এক সূত্রই জানিবলৈ দিয়া মতে হাতীগাঁৱৰ বহুকেইটা অঞ্চলত এই চক্রটোৱে ঘৰ ভাৰা লৈ যুৱতী–মহিলাসকলক্ দেহ ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰাইছিল৷

সম্প্রতি মহানগৰ আৰক্ষীয়ে হাতীগাঁও থানাত দেহ ব্যৱসায়ৰ লগত জড়িত যুৱতীকেইগৰাকীক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ ধৃত যুৱতীকেইগৰাকীয়ে আৰক্ষীৰ জেৰাত মহানগৰীত চলি থকা দেহ ব্যৱসায় চক্রৰ বহু তথ্য ফাদিল কৰিছে৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে এই তথ্য ৰাজহুৱা কৰা নাই যদিও শীঘ্রে দেহ ব্যৱসায় চক্রটোৰ মাষ্টাৰ মাইণ্ডক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে৷

You might also like