নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিক্ৰনৰ পৰা হাত সাৰিবলৈ কি খাব

শীতৰ বতৰত আকৌ এবাৰ ভয়ানক ৰূপ লৈছে কৰোণা ভাইৰাছে। কভিড আৰু অমিক্ৰনৰ সংক্ৰমণ দেশে দেশে বাঢ়িছে। ভাৰততো একেই ছবি এখন দেখিবলৈ পোৱা গৈছে। অমিক্ৰনৰ পৰা হাত সাৰিবলৈ তথা ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াবলৈ কি খাব পাৰে সেই বিষয়ে চিকিৎসকে কোৱা কেইবিধমান খাদ্যৰ কথা উল্লেখ কৰিব বিচাৰিছো।


ঘিঁউঃ আয়ুৰবেদৰ মতে, ঘিঁউ খুব সোনকালে হজম হোৱা চৰ্বি। শৰীৰ গৰম কৰি ৰখাৰ উপৰি তাক্ষণিক শক্তি প্ৰদান কৰে। আমাৰ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাত ই বিশেষ ভূমিকা পালন কৰে।
মিঠা আলুঃ ভিটামিন এ, পটেছিয়ামৰে ভৰপুৰ মিঠা আলু কোষ্ঠকাঠিন্য দূৰ কৰাত যথেষ্ট সহায়ক। লগতে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
আমলখিঃ ভিটামিন চি সমৃদ্ধ এটি ৰোগ প্রতিৰোধক ক্ষমতা বৃদ্ধিকাৰী ফল আমলখি। ইয়াত থকা সকলো পুষ্টিগুণ শৰীৰৰ বাবে অত্যন্ত উপকাৰী।


খেঁজুৰঃ খেঁজুৰ প্ৰায় সকলো খাদ্যতে ব্যৱহাৰ কৰা হয়। ই ভিটামিন, মিনাৰেল আৰু ফাইবাৰ সমৃদ্ধ। খেজুৰত পোৱা কেলছিয়াম হাড় আৰু দাঁতৰ বাবে উপকাৰী। বিশেষজ্ঞৰ মতে, খেজুৰ আমাৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ বাবে খুব ভাল।


গুড়ঃ গুড় ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাত এটি দুর্দান্ত ফর্মুলা। সাধাৰণ চর্দিৰ পৰাও দ্রুত মুক্তি দিয়ে। গুড়ত থকা আয়ৰণ, মেগনেছিয়াম, জিংক, পটেছিয়ামে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।
আদা- আদাত থকা অক্সিডেটিভ তথা এন্টি-ইনফ্লেমেটৰি বৈশিষ্ট্যই ডিঙিৰ ৰোগ উপশম কৰে। অকল সেয়াই নহয়, আদাই ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।

টেঙা ফলঃ মৌছুমী, কমলা বা নেমুৰ দৰে ছাইট্ৰিক এচিডযুক্ত ফল খাবলৈ নাপাহৰিব। এই ফলবোৰত ভিটামিন-চি থাকে সকলোতকৈ বেছি।

You might also like