নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপত ভাৰতৰ হাতত বিধ্বস্ত পাকিস্তান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জুলাই : এছিয়া কাপত পাকিস্তানক হৰুৱাই অভিযান আৰম্ভ কৰিলে ভাৰতীয় মহিলা দলে৷ উল্লেখ্য যে শ্রীলংকাত আৰম্ভ হৈছে মহিলাৰ এছিয়া কাপ ক্রিকেট৷ যোৱাবাৰৰ চেম্পিয়ন ভাৰতে প্রথমখন মেচতে মুখামুখি হয় চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে৷ মেচখনত টছত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লয় পাকিস্তানে৷ ১৯.২ অভাৰত পাকিস্তানৰ ইনিংছ শেষ হয় ১০৮ ৰানত৷ প্রত্যুত্তৰত বেটিং কৰিবলৈ নামি ভাৰতে ৩৫টা বল বাকী থকা অৱস্থাতে মেচখনত বিজয় সাব্যস্ত কৰে৷ ১৪.১ অভাৰতে ভাৰতৰ মহিলা দলটোৱে ৩ উইকেট হেৰুৱাই বিজয়ৰ বাবে প্রয়োজনীয় ৰান সম্পূর্ণ কৰে৷ উল্লেখ্য যে যোৱা বছৰ মহিলা এছিয়া কাপত চেম্পিয়ন হৈছিল ভাৰত৷ প্রথমখন মেচতে দলটোৱে খিতাপ অক্ষুণ্ণ ৰখাৰ ইংগিত দিলে৷ পাক বলাৰসকলৰ বিৰুদ্ধে ভাৰতৰ শেফালী বার্মা আৰু স্মৃতি মান্ধানাই দর্শনীয় প্রদর্শন দাঙি ধৰে৷ প্রথমে বেটিং কৰা পাকিস্তানে নিয়মীয়া ব্যৱধানত উইকেট হেৰুওৱাত বৃহৎ যুটি বন্ধাত ব্যর্থ হয়৷ দলৰ ৯ ৰানতে প্রথমটো উইকেট হেৰুওৱা পাক বেটাৰসকলৰ ভিতৰত মাত্র চাৰিগৰাকীয়ে দুটা অংকৰ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ভাৰতৰ দীপ্তি শর্মাই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ৰেণুকা, পূজা আৰু শ্রেয়াংকাই দুটাকৈ উইকেটৰ পতন ঘটায়৷ ১০৯ ৰানৰ বিজয় লক্ষ্য সন্মুখত লৈ বেটিং আৰম্ভ কৰা ভাৰতৰ শেফালী আৰু স্মৃতিয়ে দলক সুন্দৰ আৰম্ভণি দিয়ে৷ প্রথম ৬ অভাৰতে দুই ভাৰতীয় অ’পেনাৰে ৫৭ ৰান সংগ্রহ কৰে৷ অৱশ্যে অধিক আগ্রাসী আছিল শেফালী৷ তাৰ পিছতে স্মৃতিয়ে অধিক মাৰমুখী বেটিং কৰে৷ দুয়োগৰাকী অ’পেনাৰে ইমান দ্রুতগতিত ৰান সংগ্রহ কৰে যে ৯ অভাৰৰ অন্তত ভাৰতৰ ৰান হয় বিনা উইকেটত ৮৪৷ মান্ধানাই আক্রমণাত্মক শ্বট খেলিবলৈ গৈ ব্যক্তিগত ৫৪ ৰানত বিদায় লয়৷ সেই সময়ত ভাৰতৰ ৰানসংখ্যা আছিল ১ উইকেটত ৮৫৷ শেফালী আউট হয় ব্যক্তিগত ৪০ ৰানত৷ শেফালীৰ পিছতেই আউট হয় হেমলতা (১৪)৷ প্রয়োজনীয় বাকী ৰানখিনি সংগ্রহ কৰে হৰমনপ্রীত আৰু জেমিমাই৷

You might also like