নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত নিৰাপত্তাৰ দায়িত্বত পাকিস্তানী সেনা; কাটাৰলৈ সেনা পঠিয়ালে দেশখনে লাভ কৰিব দুই বিলিয়ন ডলাৰ

নিয়মীয়াবাৰ্তা, ২৩আগষ্ট: চলিত বর্ষত কাটাৰত অনুষ্ঠিত হ’ব বিশ্বকাপ ফুটবল প্রতিযোগিতা৷ বিশ্বকাপৰ সময়ত কাটাৰৰ সেনাৰ সৈতে নিৰাপত্তাৰ দায়িত্বত থাকিব পাকিস্তানী সেনাবাহিনী৷ অহা ২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এইবাৰৰ বিশ্বকাপ৷ ১৮ ডিচেম্বৰ পর্যন্ত চলিবলগা প্রতিযোগিতাখনৰ বাবে টিকট বিক্রীৰ পৰাই স্পষ্ট হৈ পৰিছে যে মৰুৰ দেশখনত ফুটবলপ্রেমীৰ যথেষ্ট ভিৰ হ’ব৷ ইয়াৰ মাজতে খবৰ অনুসৰি কাটাৰ আৰু পাকিস্তানী সেনাৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ বাবে মন্ত্রীসভাই সন্মতি দিছে৷ সেই চুক্তিত উল্লেখ আছে যে সুস্থভাৱে ফুটবলৰ মহাযজ্ঞৰ আয়োজনৰ বাবে পাকিস্তানী সেনাকো নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে৷ শীঘ্রেই এই চুক্তি স্বাক্ষৰিত হ’ব বুলি জানিব পৰা গৈছে৷ ষ্টেট বেংক অৱ পাকিস্তানৰ তৰফৰ পৰা জনোৱা হৈছে যে দ্বিপাক্ষিক এই চুক্তি বাস্তৱায়িত হ’লে একাধিক সুবিধা লাভ কৰিব পাকিস্তানে৷ কাটাৰলৈ পাক সেনা পঠিয়াব পাৰিলে দুই বিলিয়ন ডলাৰ লাভ কৰিব দেশখনে৷

কেৱল এয়াই নহয়, খবৰ অনুযায়ী ছৌদি আৰবৰ পৰা এক বিলিয়ন ডলাৰৰ তেল সৰবৰাহ কৰা হ’ব পাকিস্তানলৈ৷ ইয়াৰ লগতে দেশখনক সম পৰিমাণৰ অর্থ প্রদানৰো প্রতিশ্রুতি দিছে সংযুক্ত আৰব আমিৰশ্বাহীয়ে৷ ফলত কাটাৰলৈ সেনা পঠিওৱাৰ সুবাদত আগন্তুক ১২টা মাহত আর্থিক দিশৰ পৰা বৃহৎ সুবিধা লাভ কৰিব চুবুৰীয়া ৰাষ্ট্রখনে৷ সম্প্রতি আর্থিকভাৱে শোচনীয় হৈ পৰিছে পাকিস্তান৷ এনে অৱস্থাত এই চুক্তিৰ জৰিয়তে তেওঁলোক লাভৱান্বিত হ’ব বুলি ধাৰণা কৰা হৈছে৷

জানিব পৰা মতে, দুয়োখন দেশৰ মাজত চুক্তি স্বাক্ষৰ হোৱাৰ বাবে আজি দুদিনীয়া ভ্রমণসূচী লৈ কাটাৰলৈ যাব পাক প্রধানমন্ত্রী শ্বাহৱাজ শ্বৰীফ৷ চুক্তি স্বাক্ষৰৰ পিছতে যাৱতীয় অর্থৰ অংক, সমর্থন আৰু সেনাৰ সংখ্যা জানিব পৰা যাব৷ অৱশ্যে কিয় নিৰাপত্তাৰ বাবে পাক সেনাকেই বাছনি কৰা হৈছে অথবা বিশ্বকাপত তেওঁলোকৰ ভূমিকা কি হ’ব, সেয়া এতিয়াও স্পষ্ট নহয়৷ বিশ্বকাপৰ আয়োজক সমিতিয়েও এতিয়ালৈ এই বিষয়ত কোনো মন্তব্য কৰা নাই৷ হয়তো চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এই প্রশ্ণবোৰৰ উত্তৰ পোৱা যাব৷

উল্লেখযোগ্য যে ইতিমধ্যে কাটাৰ বিশ্বকাপৰ ৮০ শতাংশ টিকট বিক্রী হৈছে৷ ছেপ্ঢেম্বৰত প্রায় সকলোখিনি টিকট বিক্রী হোৱাৰ সম্ভাৱনা আছে৷ এই কথাই স্পষ্ট কৰি দিয়ে যে এইবাৰ বিশ্বকাপৰ সময়ত দেশখনত বিভিন্ন দেশৰ পৰা অহা অনুৰাগীৰ প্রচুৰ ভিৰ হ’ব৷

You might also like