নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষেধাজ্ঞা পাণ্ডিয়াৰ ওপৰত, সূৰ্যকুমাৰক মুম্বাইৰ অধিনায়কৰ ভাৰ

নিউজ ডেস্ক, ১৯ মাৰ্চঃ আই পি এল ২০২৫ত মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমখন খেল চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে। এই খেলখন ২৩ মাৰ্চত অনুষ্ঠিত হ’ব। ইয়াৰ ঠিক পূৰ্বে আজি মুম্বাইৰ নিয়মীয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়াই সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত পাণ্ডিয়াই এক চাঞ্চল্যকৰ প্ৰকাশ কৰে। তেওঁ কয় যে ছিজনৰ প্ৰথমখন মেচত সূৰ্য্যকুমাৰ যাদৱে দলৰ অধিনায়কত্ব কৰিব। প্ৰথমখন মেচ খেলিব নোৱাৰিব পাণ্ডিয়াই।

এইটো পঢ়ক ২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকলৈ ঘূৰি আহিব বক্সিং

আচলতে হাৰ্দিক পাণ্ডিয়াই ছিজনৰ প্ৰথমখন মেচ খেলিব নোৱাৰিব। এখন মেচৰ বাবে তেওঁক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পাণ্ডিয়াৰ অনুপস্থিতিত সূৰ্যকুমাৰ যাদৱে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব কৰিব। সংবাদ মেলত পাণ্ডিয়াই কয়, সূৰ্যকুমাৰ যাদৱ টীম ইণ্ডিয়াৰ অধিনায়ক। আই পি এল ২০২৫ৰ প্ৰথমখন মেচতো তেওঁ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে থাকিব। যোৱা ছিজনত মুম্বাইয়ে আচৰিত ধৰণৰ পৰিৱৰ্তন আনিছিল। দলটোৱে ৰোহিত শৰ্মাক অপসাৰণ কৰি পাণ্ডিয়াক অধিনায়ক হিচাপে গঢ়ি তুলিছিল।

চেন্নাইৰ বিৰুদ্ধে খেলপথাৰত কোন কোন
চেন্নাইৰ বিৰুদ্ধে মুম্বাইৰ সম্ভাৱ্য দলৰ ফালে দেখা যায়, ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেলটনে মুকলি কৰাৰ সুযোগ পাব পাৰে। বিস্ফোৰক বেটিঙৰ বিশেষজ্ঞ তিলক বাৰ্মা। তেওঁ হয়তো তিনি নম্বৰত খেলাৰ সুযোগ পাব। চাৰি নম্বৰত বেটিং কৰিবলৈ আহিব পাৰে সূৰ্যকুমাৰ যাদৱে। নমন ধীৰ আৰু মিচেল ছাণ্টনাৰেও প্ৰথমখন মেচৰ প্লেইং এলেভেনত স্থান লাভ কৰিব পাৰে। কৰ্ণ শৰ্মা আৰু ট্ৰেণ্ট ব’ল্টৰ স্থানো প্ৰায় নিশ্চিত। দলটোৰ প্ৰথমখন খেল চেন্নাইৰ বিৰুদ্ধে।

মুম্বাইৰ সূচী
মুম্বাইৰ প্ৰথমখন মেচ চেন্নাইৰ সৈতে। ইয়াৰ পিছতে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলপথাৰত নামিব দলটোৱে। এই খেলখন ২৯ মাৰ্চত অনুষ্ঠিত হ’ব। ইয়াৰ তৃতীয়খন মেচ কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে। এই খেলখন ৩১ মাৰ্চত অনুষ্ঠিত হ’ব। মুম্বাইৰ অন্তিমখন লীগ মেচ ১৫ মে’ত অনুষ্ঠিত হ’ব দিল্লী কেপিটেলছৰ বিৰুদ্ধে।

এইটোও পঢ়িব পাৰে সম্পাদকীয় : সুলভ বাসস্থান

You might also like