সুনীল গাভাস্কাৰৰ অভিযোগৰ বিৰুদ্ধে মুখ খুলিলে পণ্টে
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ সুনীল গাভাস্কাৰৰ অভিযোগৰ বিৰুদ্ধে মুখ খুলিলে ঋষভ পণ্টে৷ টীম ইণ্ডিয়া তাৰকা উইকেটকীপাৰ–বেটাৰ পণ্টে ধনৰ বাবে দিল্লী কেপিটেলছ এৰা বুলি টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক সুনীল গাভাস্কাৰে মন্তব্য কৰিছিল৷ অৱশেষত গাভাস্কাৰৰ এই মন্তব্যৰ বিৰুদ্ধে মুখ খুলিলে ঋষভ পণ্টে৷ দিল্লীয়ে নিলামৰ পূর্বে মুকলি কৰি দিছিল পণ্টক৷ যোৱা ছিজনত তেওঁ দলটোৰ অধিনায়ক আছিল৷ ধাৰাভাষ্যকাৰ গাভাস্কাৰে এক ভিডিঅ’ত মত প্রকাশ কৰিছিল যে পণ্টে হয়তো ধনৰ বাবে দিল্লী ত্যাগ কৰিছে৷ ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীয়ে কয় যে হয়তো টকাৰ পৰিমাণৰ ওপৰত দুয়োপক্ষৰ মাজত একমত হ’ব পৰা নাছিল৷ কিন্তু মই ভাবো দিল্লীয়ে পণ্টক ঘূৰাই ল’ব বিচাৰিব৷ কাৰণ তেওঁলোকক এজন নেতাৰ প্রয়োজন৷ পণ্টক বিচাৰি নাপালে দিল্লীয়ে অধিনায়ক বিচাৰিব লাগিব৷ গতিকে দিল্লীয়ে নিশ্চিতভাৱে পণ্টক ল’বলৈ চেষ্টা কৰিব৷ দিল্লীয়ে চাৰিজন ক্রিকেটাৰক ধৰি ৰাখিছে৷ দিল্লীয়ে মুঠ ৪৩ কোটি ৭৫ লাখ টকা ব্যয় কৰিছে৷ ৭৬ কোটি আৰু ২৫ লাখ টকা হাতত আছে৷ নিলামত সেহ ধন লৈ নামিব দিল্লী৷ আৰটিএম কার্ডৰ জৰিয়তে পণ্টক ঘূৰাই অনাৰ সুযোগ আছে দিল্লী কেপিটেলছৰ৷