বিচিচিআইৰ বিপক্ষে আদালতৰ কাষ চাপিব পিচিবি!
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ নৱেম্বৰঃ আগন্তুক বর্ষত অনুষ্ঠিত হ’বলগীয়া আইচিচি চেম্পিয়নছ ট্ৰফীক কেন্দ্র কৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত ক্রমাৎ বৃদ্ধি পাহছে৷ আইচিচিৰ এই প্রতিযোগিতা আয়োজনৰ স্বত্ব লাভ কৰিছিল পাকিস্তানে আৰু সেই অনুসাৰে অহা বর্ষৰ ফেব্রুৱাৰী–মার্চ মাহত চেম্পিয়নছ ট্ৰফী আয়োজনৰ বাবে সাজু হৈছিল পাকিস্তান ক্রিকেট ব’ৰ্ড৷ শেহতীয়াকৈ বিচিচিআয়ে ভাৰতীয় দল এই প্রতিযোগিতাৰ বাবে পাকিস্তানলৈ নাযায় বুলি স্পষ্ট কৰি দিছে৷ পাকিস্তান ভ্রমণৰ পৰিৱর্তে প্রতিযোগিতাখন হাইব্রিড মডেলত অনুষ্ঠিত কৰাৰ প্রস্তাৱ দিছে বিচিচিআয়ে৷ এনে বিতর্কৰ মাজতে এক বিশেষ পদক্ষেপ গ্রহণৰ বাবে সাজু হৈছে পিচিবি৷ সূত্র অনুসৰি পিচিবিয়ে এই বিষয়ত আইনী ব্যৱস্থা গ্রহণৰ কথা চিন্তা কৰিছে আৰু বিচিচিআইৰ বিপক্ষে আদালতৰ কাষ চপাৰ প্রস্তুতি চলাইছে৷ পাকিস্তানী সংবাদ মাধ্যমে দাবী কৰিছে যে আইচিচিয়ে ই–মেইলৰ জৰিয়তে বিচিচিআইৰ স্থিতিৰ বিষয়ে পাকিস্তান ব’ৰ্ডক অৱগত কৰিছে৷ প্রকাশিত খবৰ অনুসৰি আইচিচিৰ পৰা তথ্য লাভ কৰাৰ পিছত পিচিবিয়ে পাকিস্তান চৰকাৰক এই বিষয়ে অৱগত কৰিছে৷ ইয়াৰ পিছতে পাকিস্তান চৰকাৰে ব’ৰ্ডক কঠোৰ স্থিতি গ্রহণ কৰিবলৈ পৰামর্শ দিয়ে৷ ব’র্ডে চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্রিড মডেলৰ ক্ষেত্রত সন্মতি দিয়া নহ’ব বুলি তথা পাকিস্তানৰ বাহিৰত সমগ্র প্রতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্রত ব’ৰ্ড সন্মত নহয় বুলি স্থিতি স্পষ্ট কৰি দিছে৷ পাকিস্তানৰ সংবাদ মাধ্যমৰ দাবী, পিচিবিয়ে এতিয়া এই বিষয়ত ইতিমধ্যে আইনী পৰামর্শ লৈছে আৰু পাকিস্তানৰ আইন মন্ত্রালয়ৰ সৈতেও যোগাযোগ কৰিছে৷ পাকিস্তানী ব’র্ডে এই বিষয়টো আন্তঃৰাষ্ট্রীয় আদালতলৈ লৈ যোৱাৰ কথা চিন্তা কৰিছে৷ পাকিস্তান ব’র্ডে এই পদক্ষেপ গ্রহণ কৰিলে এই বিষয়ত ক’ৰ্ট অৱ আর্বিড্রেচন ফৰ স্প’ৰ্টছত গোচৰ চলিব৷ উল্লেখ্য যে বিগত বর্ষত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ বাবে পাকিস্তান দলে ভাৰত ভ্রমণ কৰিছিল৷ সেয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলেও পাকিস্তানলৈ যাব বুলি আশা কৰিছিল পাকিস্তানে৷ পাকিস্তান ক্রিকেট ব’র্ডে নিৰাপত্তাজনিত সমস্যাৰ প্রতি গুৰুত্ব দি আনকি ভাৰতীয় দলৰ সকলো খেল কেৱল লাহোৰত আয়োজন কৰাৰো প্রস্তাৱ দিছিল৷ এতিয়া পৰৱর্তী সময়ত এই বিতর্কই কি ৰূপ লয়, সেয়া হ’ব লক্ষণীয়৷