নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতি টেষ্টত ৪৫ লাখ অতিৰিক্ত মাচুল পাব খেলুৱৈয়ে

🔹 ঐতিহাসিক পদক্ষেপ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ

বিশেষ বাৰ্তা, ১০ মার্চ : টেষ্ট ক্রিকেটত ক্রিকেটাৰে অধিক মনোনিৱেশ কৰাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এক ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে৷ শনিবাৰে ইংলেণ্ডৰ বিপক্ষে খেলা পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটো ৪–১ৰ ব্যৱধানত দখল কৰাৰ পিছত বিচিচিআইৰ সম্পাদক জয় শ্বাহে ঘোষণা কৰে যে যদি কোনো ক্রিকেটাৰে এটা ছিজনত অধিক টেষ্ট খেলে, তেতিয়াহ’লে বছৰৰ শেষত তেওঁ উদ্দীপনা হিচাপে সুকীয়া ধন লাভ কৰিব৷ মেচ ফী আৰু কেন্দ্রীয় চুক্তিৰ পৰা পোৱা ধনৰ লগতে অতিৰিক্ত ধনো দিয়া হ’ব ক্রিকেটাৰজনক৷ কোনো খেলুৱৈ মূল একাদশত নাথাকিলেও ধন লাভ কৰিব৷ এতিয়ালৈকে কোনো এখন দেশে এনে উদ্যোগ লোৱা নাই৷ ইয়াৰ বাবে ব’র্ডে অতিৰিক্তভাৱে ৪০ কোটি টকা খৰচ কৰিব৷ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে কয় যে ভাৰতে এটা ছিজনত ৯খন টেষ্ট খেলিব৷ যদি কোনো ক্রিকেটাৰে ৫০ শতাংশতকৈ কম অর্থাৎ চাৰিখনতকৈ কম টেষ্ট খেলিছে তেতিয়া তেওঁ উদ্দীপনা হিচাপে কোনো ধন নাপাব৷ যদি কোনো ক্রিকেটাৰে পাঁচ বা ছয়খন টেষ্ট খেলিছে, তেতিয়াহ’লে তেওঁ অতিৰিক্ত ধন লাভ কৰিব৷ প্রথম এঘাৰত থাকিলে প্রতিখন মেচত ৩০ লাখ টকা আৰু প্রথম এঘাৰত নাথাকিলে প্রতিখন মেচত ১৫ লাখ টকা পাব৷ যদি কোনো ক্রিকেটাৰে সাতখন বা ততোধিক টেষ্ট খেলে তেন্তে প্রথম এঘাৰ ক্রিকেটাৰে প্রতিখন মেচত ৪৫ লাখ টকা আৰু প্রথম এঘাৰত নাথাকিলে প্রতিখন মেচত ২২.৫ লাখ টকা লাভ কৰিব৷

You might also like