নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেলফি নুঠাৰ বাবে ক্রিকেটাৰ পৃথ্বি শ্বক আক্রমণ যুৱতীৰ দলে

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী: ছেলফি নুঠাৰ বাবেই আক্রমণ কৰিলে ভাৰতৰ তাৰকা ক্রিকেটাৰ পৃথ্বি শ্বক৷ ঘটনাটো সংঘটিত হয় মুম্বাইত বুধবাৰে নিশা৷ ঘটনাটো সন্দর্ভত জড়িত ৮জন লোকক আটক কৰিছে উত্তৰ–পশ্চিম মুম্বাইৰ অশ্বিৱাৰা আৰক্ষীয়ে৷ আৰক্ষী সূত্রই জনোৱা মতে, বুধবাৰে নিশা মুম্বাইৰ এখন ফাইভষ্টাৰ হোটেলত বন্ধু–বান্ধৱীৰ সৈতে নিশাৰ আহাৰ গ্রহণ কৰিবলৈ যোৱা পৃথ্বি শ্বৰ সৈতে কেইগৰাকীমান যুৱক–যুৱতীয়ে ছেলফি উঠাৰ বাবে হেতা–ওপৰা লগায়৷ যুৱক–যুৱতীৰ দলটোৰ কেইগৰাকীমানৰ সৈতে পৃথ্বি শ্বই ছেলফি উঠে যদিও যুৱক–যুৱতীৰ দলটোৰ আন কেইজনমানে পুনৰ ক্রিকেটাৰগৰাকীৰ ওচৰলৈ আহি ছেলফি উঠিব বিচাৰি বিৰক্ত কৰিবলৈ ধৰে৷ এই ক্ষেত্রত ক্রিকেটাৰগৰাকী অসন্তুষ্ট হৈ পৰাত তেওঁৰ বন্ধু এজনে হোটেল কর্তৃপক্ষক খবৰ দিয়ে৷ লগে লগে হোটেলৰ মেনেজাৰগৰাকীয়ে আহি যুৱক–যুৱতীৰ দলটোক হোটেলৰ পৰা বাহিৰ কৰি দিয়ে৷ এই কার্যত ক্ষুব্ধ হৈ দলটোৱে পৃথ্বি শ্ব আৰু তেওঁৰ বন্ধুক আক্রমণ কৰে৷ অভিযোগ অনুসৰি, হোটেলৰ বাহিৰত বেছবলৰ বেট লৈ ৰৈ থকা ক্ষুব্ধ দলটোৱে পৃথ্বি আৰু তেওঁৰ বন্ধুসকলে হোটেলৰ পৰা ওলাই অহাৰ লগে লগে আক্রমণ কৰাই নহয়, পৃথ্বি শ্বৰ বন্ধুৰ বি এম ডব্লিউ গাড়ীখন ভাঙি চূৰমাৰ কৰে৷ পৃথ্বিয়ে যেতিয়া অন্য এখন গাড়ীৰে ঘৰলৈ উভতি যাবলৈ চেষ্টা কৰিছিল, সেই গাড়ীখনকো খেদি পঠিয়াইছিল যুৱকৰ দলটোৱে৷ ইপিনে, এগৰাকী মহিলাই গৈ পৃথ্বিৰ পৰা ধনো দাবী কৰিছিল৷ যদি ধন নিদিয়ে, তেতিয়াহ’লে মিছা গোচৰ ৰুজু কৰাৰো ভাবুকি দিছিল৷ অৱশেষত পৃথ্বি শ্বৰ বন্ধুজনে অশ্বিৱাৰা থানাত গোচৰ তৰে আৰু এই সন্দর্ভত আৰক্ষীয়ে এতিয়ালৈকে ৮জন লোকক আটক কৰিছে৷

You might also like