নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিশ্চয়তাত ৰাহানে–পূজাৰাৰ কেৰিয়াৰ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ ভাৰতৰ টেষ্ট তাৰকা আজিংক্য ৰাহানে আৰু শ্বেটেশ্বৰ পূজাৰাৰ কেৰিয়াৰ অনিশ্চিত হৈ পৰিছে৷ দীর্ঘদিন ধৰি শতকৰ মুখ নেদেখা তাৰকা মিডল অর্ডাৰ বেটছমেন দুগৰাকী নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্টতো শোচনীয়ভাৱে ব্যর্থ হৈছে৷ বিৰাট কোহলিৰ অনুপস্থিতিত ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব লাভ কৰা ৰাহানেই টেষ্ট কেৰিয়াৰক নৱজীৱন দিয়াৰ সুৱর্ণ সুযোগ লাভ কৰিছিল যদিও বেটছমেনগৰাকী আজি মাত্র ৪ ৰানতে আউট হয়৷ প্রথম ইনিংছতো তেওঁ ৩৫ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷

উল্লেখ্য যে বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ অনুপস্থিতিত ভাৰতীয় মিডল অর্ডাৰক শক্তিশালী কৰাৰ ক্ষেত্রত ৰাহানে আৰু পূজাৰাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাৰ প্রয়োজন আছিল যদিও তেওঁলোকৰ ব্যর্থতাই ক্রিকেট অনুৰাগীক হতাশ কৰে৷ ৰাহানেৰ দৰে পূজাৰায়ো আজি কম সময়ৰ ভিতৰতে ক্রিজ ত্যাগ কৰে৷ ভাৰতীয় দলৰ গুৰুত্বপূর্ণ ৩ নম্বৰ স্থানত বেটিং কৰিবলৈ নমা বেটছমেনগৰাকীয়ে শেহতীয়া ৩৯টা ইনিংছত শতকৰ মুখ দেখা নাই৷ এই ধাৰাবাহিক ব্যর্থতাৰে পূজাৰাই এক অনাকাংক্ষিত অভিলেখৰ অধিকাৰী হৈছে৷ ইয়াৰ পূর্বে ভাৰতৰ প্রাক্তন অধিনায়ক অজিত ৱাডেকাৰে ১৯৬৮ আৰু ১৯৭৪ৰ মাজৰ সময়ছোৱাত ৩ নম্বৰ স্থানত বেটিং কৰি ৩৯টা ইনিংছত শতক অর্জন কৰিব পৰা নাছিল৷ পূজাৰাই ২০১৯তে অন্তিমটো শতক অর্জন কৰিছিল৷

You might also like