নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL ৰ প্লে-অফত স্থান নিশ্চিত পঞ্জাবৰ

◼ IPL ৰ প্লে-অফত স্থান নিশ্চিত পঞ্জাবৰ

◼ মুখথেকেচা ৰিয়ানৰ দলৰ : পুৰণা ৰোগত আক্রান্ত ৰয়েলছ

নিউজ ডেস্ক, ১৯ মে’ : প্লে-অফত উপনীত হৈছে IPL ৷ যুদ্ধবিৰতিৰ পিছত আইপিএলৰ হিচাপ অনুসৰি প্রথমখন মেচতে পঞ্জাবে প্লে-অফ নিশ্চিত কৰিব লাগিছিল৷ সেই কামত সম্পূর্ণ সফল শ্রেয়াছ আয়াৰৰ দল৷ ৰাজস্থান ৰয়েলছক পৰাভূত কৰি এখোজ আগুৱালে পঞ্জাব৷ কালি মেচখনত পঞ্জাবৰ ১০ ৰানৰ বিজয়ৰ নেপথ্যৰ নায়ক আছিল হৰপ্রীত ব্রাৰৰ ইমপেক্ট বলিং৷ ছোৱাই মানসিং ষ্টেডিয়ামত টছত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লয় পঞ্জাবে৷ সমগ্র প্রতিযোগিতাখনত দুর্দান্ত ফর্মত আছে দলটোৰ দুই অ’পেনাৰ প্রিয়াংশ আর্য আৰু প্র’ভছিমৰান সিং৷ অৱশ্যে কালি দুয়োজন ব্যর্থ হয়৷ নতুন পৰিৱর্ত খেলুৱৈ মিছেল আৱেনো ব্যর্থ হয়৷ এনে অৱস্থাত দলক শক্তিশালী স্থিতিত উপনীত কৰে নেহাল ৱাধেৰাই৷ অধিনায়ক আয়াৰে ৩০ ৰান কৰিলেও আঙুলিৰ আঘাতৰ বাবে স্বাচ্ছন্দ্যে বেটিং কৰিব নোৱাৰিলে৷ কিন্তু এই সকলো অভাৱ পূৰণ কৰে নেহাল আৰু শশাংক সিঙে৷ প্রথম অৱস্থাত কিছু ধীৰ বেটিং কৰিলেও পিছৰ ফালে দুয়ো বেটিং ধুমুহাৰ সৃষ্টি কৰে৷ নেহালে ৩৭টা বলত ৭০ ৰান কৰি আউট হয়৷ শশাংক সিং ৫৯ ৰানত অপৰাজিত হৈ ৰয়৷ অৱশ্যে পঞ্জাবৰ ৰান ২০০ নহ’বও পাৰে বুলি এটা সময়ত ধাৰণা কৰা হৈছিল৷ কিন্তু সেই কামটো সম্পূর্ণ কৰে আজমাতুল্লা ওমৰজাই৷ তেওঁ মাত্র ৯টা বলত ২১ ৰান কৰে৷ ফলত, পঞ্জাবে নির্ধাৰিত ২০ অভাৰত ৫ উইকেটত ২১৯ ৰান কৰে৷ প্রত্যুত্তৰত ধুমুহাৰ গতিত আৰম্ভণি ঘটায় দুই তৰুণ যশস্বী জয়ছোৱাল আৰু বৈভৱ সূর্যবংশীয়ে৷ আৰম্ভণিৰ পৰাই দুয়োজনে বিদ্যুৎ গতিৰে বেটিং কৰিবলৈ লয়৷ বৈভৱৰ খেলৰ ধৰণ দেখি ধাৰণা কৰা হৈছিল যে তেওঁ পুনৰ কোনো অভিলেখ ভংগ কৰিব৷ আনহাতে, যশস্বীয়ে প্রয়োজন অনুসৰি বিস্ফোৰক আৰু সময়ত ধৈর্যশীল বেটিং কৰিছিল৷ মাত্র ৫ অভাৰৰ ভিতৰতে দুই অ’পেনাৰে ৭০ ৰানৰো অধিক সংগ্রহ কৰিছিল৷ অর্শদীপ সিঙৰ এটা অভাৰত ২২ ৰান আহিছিল৷ কিন্তু ইমপেক্ট হিচাপে নমা পঞ্জাবৰ স্পিনাৰ হৰপ্রীতে আৰম্ভ কৰা বলিং মেজিকত ৰাজস্থানৰ আশা নির্বাপিত হয়৷ তেওঁ প্রথমে ১৫টা বলত ৪০ ৰান কৰা বৈভৱৰ উইকেট দখল কৰে৷ আনহাতে, তেওঁৰ বলতে বিদায় লয় অর্ধশতৰানকাৰী জয়ছোৱালে৷ ৰিয়ান পৰাগ হৰপ্রীতৰ চিকাৰ হয়৷ ইয়াৰ বিপৰীতে আঘাতৰ পৰা প্রত্যাৱর্তন ঘটোৱা সঞ্জু ছেমছনৰ উইকেট দখল কৰে ওমৰজায়ে৷ তেওঁ হেটমায়াৰৰ উইকেটৰো পতন ঘটায়৷ অৱশ্যে সেই সময়তো চেষ্টা অব্যাহত ৰাখিছিল ধ্রুৱ জুৰেলে ৷ কিন্তু অর্ধশতৰান কৰিও দলক জিকাব নোৱাৰিলে তেওঁ৷ অন্তিম অভাৰত একেলগে ২টা উইকেট দখল কৰি ৰাজস্থানৰ জয়ৰ সকলো সম্ভাৱনা মষিমূৰ কৰে মার্কো জানছেনে৷ ফলত, ৰাজস্থানে ৭ উইকেটত ২০৯ ৰান কৰি মাত্র ১০ ৰানত পৰাজিত হয়৷ উল্লেখ্য যে চলিত ছিজনত লক্ষ্য অতিক্রম কৰিবলৈ গৈ সহজ স্থানৰ পৰাও পৰিস্থিতি কঠিন কৰি পৰাজিত হৈছে তেওঁলোক৷ কালিও তাৰ ব্যতিক্রম নহ’ল৷ বৈভৱ আৰু যশস্বীয়ে সুন্দৰ আৰম্ভণি ঘটোৱাৰ পিছত মিডল অর্ডাৰৰ বেটাৰসকলে দলক সহযোগিতা আগবঢ়াব নোৱাৰিলে৷ ধ্রুৱ জুৰেলে আগ্রাসী বেটিঙেৰে ৫৩ ৰান কৰে৷ ইতিমধ্যে আইপিএলৰ পৰা বিদায় লোৱা ৰাজস্থানে এইবাৰ চাৰিখন মেচত ১০ ৰান বা তাতকৈ কম ৰানত পৰাজিত হৈছে৷ এখন মেচত দলটো পৰাস্ত হৈছে ছুপাৰ অভাৰত৷ কালি এই পুৰণি ৰোগত আক্রান্ত হৈ ৰাজস্থানে এইখন মেচতো শেষ ৰক্ষা কৰিব নোৱাৰিলে৷ গুজৰাটে দিল্লীক পৰাস্ত কৰাৰ লগে লগে  প্লে-অফত স্থান নিশ্চিত হ’ল পঞ্জাৱৰ। ইফালে, পঞ্জাৱৰ লগতে গুজৰাট আৰু বেংগালুৰুৱেও প্লে-অফত নিজৰ স্থান সুৰক্ষিত কৰিলে।

You might also like