নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ দ্বিতীয় কোৱালিফায়াৰ -ত আজি মুম্বাইৰ সন্মুখত পঞ্জাব কিংছ

🔹 আইপিএলৰ দ্বিতীয় কোৱালিফায়াৰ -ত আজি মুম্বাইৰ সন্মুখত পঞ্জাব কিংছ

🔹 ছেমি ফাইনেলসদৃশ মেচখনত মুম্বাইক ফেভাৰিট হিচাপে আখ্যা

নিউজ ডেস্ক, ১ জুন : চলিত আইপিএলৰ ফাইনেলত প্রৱেশৰ লক্ষ্যৰে আজি হ’বলগীয়া দ্বিতীয় কোৱালিফায়াৰত মুখামুখি হ’ব পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু পঞ্জাব কিংছ৷ আজিৰ ছেমিফাইনেলসদৃশ মেচখনত মুম্বাই ইণ্ডিয়ানছক ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে৷ অভিলেখসংখ্যক ষষ্ঠবাৰৰ বাবে আইপিএলৰ খিতাপ জয়ৰ লক্ষ্য লোৱা মুম্বায়ে শুকুৰবাৰে নিশা অনুষ্ঠিত এলিমিনেটৰ মেচখনত গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত কৰি দ্বিতীয় কোৱালিফায়াৰত স্থান নিশ্চিত কৰে৷ মেচখনত মুম্বায়ে প্রথমে বেটিং কৰি ৰোহিত শর্মাৰ বিস্ফোৰক ৮১, জ’নী বেয়াৰষ্ট’ৰ ৪৭, সূর্যকুমাৰ যাদৱৰ ৩৩ আৰু তিলক বার্মাৰ ২৫ ৰানৰ সহায়ত নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২৮ ৰান সংগ্রহ কৰে৷ ৰোহিত আৰু জ’নীয়ে প্রথম উইকেটৰ যুটিত ৮৪ ৰান সংগ্রহ কৰি দলক বিস্ফোৰক আৰম্ভণি দিয়ে৷ ইফালে, ৫০টা বলত ৯টা চাৰি আৰু ৪টা ছয়েৰে ৮১ ৰান কৰা ৰোহিতে সূর্য কুমাৰৰ সৈতে দ্বিতীয় উইকেটত ৫৯ আৰু তিলক বার্মাৰ সৈতে তৃতীয় উইকেটত ৪৩ ৰান সংগ্রহ কৰে৷ অধিনায়ক হার্দিক পাণ্ডিয়াই ২২ ৰানত অপৰাজিত হৈ থাকে৷ প্রত্যুত্তৰত সাই সুদর্শনৰ দর্শনীয় ৮০ আৰু ৱাশ্বিংটন সুন্দৰৰ ৪৮ ৰানৰ সহায়ত গুজৰাটে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২০৮ ৰানহে কৰিবলৈ সক্ষম হয়৷ অধিনায়ক গিলে ১, কুশল মেণ্ডিছে ২০ আৰু ৰাডাৰফ’র্ডে ২৪ ৰান কৰে৷ আজি খেলৰ সময় : নিশা ৭.৩০ বজা৷

You might also like