নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰান ছুনামিত তচনচ SRH, ৫ উইকেটত জয় লক্ষ্ণৌৰ, মার্শ্বৰ অর্ধশতক, বেট নগৰজিল অভিষেক-ঈশানৰ

নিউজ ডেস্ক, ২৮ মাৰ্চঃ নিকোলাছ পুৰানৰ বিস্ফোৰক বেটিঙত থমকিল ছানৰাইজার্ছ হায়দৰাবাদ৷ চলিত আইপিএলৰ হায়দৰাবাদত অনুষ্ঠিত মেচখনত নিকোলাছ পুৰান আৰু মিচেল মার্শ্বৰ দর্শনীয় অর্ধশতকৰ সহায়ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ঘৰুৱা দলটোক ৫ উইকেটত পৰাস্ত কৰে৷ মেচখনত হায়দৰাবাদে জয়ৰ বাবে বান্ধি দিয়া ১৯১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি পুৰানৰ ২৬ বলত ৭০ আৰু অপেনাৰ মিচেল মার্শ্বৰ ৩১ বলত ৫২ ৰানৰ সহায়ত ১৬.১ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ দলীয় স্ক’ৰ ৪ ৰানতে অপেনাৰ মার্কৰামে (১) বিদায় লোৱাত দলটোৱে বিপদত পৰিছিল যদিও মার্শ্ব আৰু পুৰানে দ্বিতীয় উইকেটত ১১৬ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰিছিল৷ অধিনায়ক পণ্টে ১৫ আৰু আয়ুস বাদ’নিয়ে ৬ ৰান কৰি বিদায় লয় যদিও ডেভিদ মিলাৰে ৭টা বলত ১৩ আৰু আব্দুল ছামাদে ৮টা বলত ২২ ৰান কৰি অপৰাজিত হৈ থাকে৷ মিলাৰ আৰু ছামাদে ষষ্ঠ উইকেটত অপৰাজিতভাৱে ২৯ ৰান সংগ্রহ কৰি দলক জয়ৰ সোৱাদ দিয়ে৷ হায়দৰাবাদৰ হৈ পেট কামিনছে সর্বাধিক ২টা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ আমন্ত্রণ ক্রমে প্রথমে বেটিং কৰিবলৈ আহি শার্দুল ঠাকুৰৰ দর্শনীয় বলিঙৰ সন্মুখত ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৯০ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ইনিংছ আৰম্ভণি মুঠেই সুখকৰ নাছিল ছানৰাইজার্ছৰ৷ দলীয় স্ক’ৰ ১৫ ৰানতে অভিষেক শর্মা আৰু ঈশান কিষণক হেৰুৱাই দলটোৱে বিপদত পৰে৷ অপেনাৰ অভিষেকে ৬ আৰু ঈশানে কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ অৱশ্যে আনগৰাকী অপেনাৰ ট্রেভিছ হেডে নীতিশ কুমাৰ ৰেড্ডীৰ সৈতে লগ লাগি তৃতীয় উইকেটত ৬১ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় কিছু ৰোধ কৰে৷ ট্রেভিছে ২৮টা বলত ৪৭ ৰান কৰি বিদায় লয়৷ ইফালে ৩২ ৰানত বিদায় লোৱাৰ পূর্বে নীতিশে ক্লাছেনৰ সৈতে চতুর্থ উইকেটত ৩৪ ৰান আৰু অনিকেত বার্মাৰ সৈতে পঞ্চম উইকেটত ১৮ ৰান সংগ্রহ কৰে৷ ক্লাছেনে ২৬ ৰান কৰি বিদায় লয়৷ আনহাতে মাত্র ১৩টা বলত ৩৬ ৰানৰ দর্শনীয় ইনিংছ খেলা অনিকেতে ষষ্ঠ উইকেটত অভিনৱ মনোহৰৰ সৈতে ৪৬ ৰান সংগ্রহ কৰে৷ অধিনায়ক কামিনছে ৪টা বলত ১৮ ৰান কৰে৷ লক্ষ্ণৌৰ হৈ শার্দুল ঠাকুৰে সর্বাধিক ৪টা উইকেট লাভ কৰে৷ উল্লেখ্য যে প্রতিযোগিতাখনত লক্ষ্ণৌৰ এয়া প্রথম জয়ৰ বিপৰীতে হায়দৰাবাদৰ প্রথম পৰাজয়৷

You might also like