খেলিবলৈ সাজু ৰাইডু, ব্রেভো
নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ আই পি এলত ক্রমাগত দুখন মেচত পৰাজয়ৰ সন্মুখীন হোৱা তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে অহা শুকুৰবাৰে ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ পূর্বে বৃহৎ সকাহ লাভ কৰিছে৷ আঘাতৰ বাবে শেহতীয়া দুখন মেচত খেলিব নোৱৰা মিডল অর্ডাৰ বেটছমেন অম্বাটি ৰাইডু হেমষ্ট্রিঙৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে৷ চি এছ কেৰ চি ই অ’ কাশীনাথ বিশ্বনাথনে আজি প্রকাশ কৰা অনুসৰি ৰাইডু সুস্থ হৈ অনুশীলনলৈ উভতিছে আৰু পৰৱর্তী মেচত খেলিবলৈ সাজু হৈছে৷
উল্লেখ্য যে প্রতিযোগিতাৰ উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চমকপ্রদ জয়ত ৰাইডুৱে মুখ্য ভূমিকা গ্রহণ কৰিছিল৷ ইফালে, ৱেষ্ট ইণ্ডিজৰ অভিজ্ঞ অলৰাউণ্ডাৰ ড’ৱেইন ব্রেভোও উৰুৰ আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ কৰি চি এছ কেৰ শিবিৰলৈ উভতিছে৷ শুকুৰবাৰে ছানৰাইজার্ছৰ বিৰুদ্ধে তেওঁক খেলপথাৰত দেখিবলৈ পোৱা যাব৷