নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেনিছৰ পৰা অৱসৰ ঘোষণা ৰাফেল নাডালৰ

🔹 নৱেম্বৰত ডেভিছ কাপ খেলি টেনিছক বিদায় জনাব ক্লে ক’ৰ্টৰ সম্রাটে

নিউজ ডেস্ক, ১০ অক্টোবৰ : ২২টা গ্রেণ্ড শ্লাম জয় কৰাৰ পিছত স্তব্ধ হ’ল তেওঁ৷ টেনিছক বিদায় জনালে ৰাফেল নাডালে৷ মহাসপ্তমীৰ দুপৰীয়া স্পেনিছ মহাতাৰকাগৰাকীয়ে ঘোষণা কৰিছে যে পেছাদাৰী টেনিছত তেওঁৰ যাত্রাৰ অন্ত পৰিল৷ নৱেম্বৰত ডেভিছ কাপ খেলি টেনিছক বিদায় জনাব ক্লে ক’ৰ্টৰ সম্রাটে৷ অন্তিম বর্ষটোত তেওঁ ১৯খন মেচ খেলি ১২খনত জয়লাভ কৰিছে৷ বিগত কিছুদিন ধৰি নাডালৰ কথা-বতৰাত অৱসৰৰ ইংগিত পোৱা গৈছিল৷ সকলোৱে ধাৰণা কৰিছিল- হয়তো ২০২৪ চনৰ শেষৰফালে তেওঁ পেছাদাৰী টেনিছৰ পৰা বিদায় ল’ব৷ পেৰিছ অলিম্পিকত দ্বিতীয় ৰাউণ্ডৰ পৰা বাহিৰ হোৱাৰ পিছত নাডালক লৈ সেই জল্পনা-কল্পনা বৃদ্ধি পাইছিল৷ অৱশেষত নাডালে নিজেই জনাই দিলে যে এইবাৰ তেওঁ টেনিছ কেৰিয়াৰৰ ইতিৰেখা টানিব৷ ডেভিছ কাপৰ কোৱার্টাৰ ফাইনেল খেলাৰ পিছতে তেওঁ টেনিছ ৰেকেটক বিদায় দিব৷ আজি ছ’চিয়েল মিডিয়াত এটি সুদীর্ঘ ভিডিঅ’ পোষ্ট কৰে নাডালে৷ সেই ভিডিঅ’ত নাডালৰ কেৰিয়াৰৰ বিভিন্ন মুহূর্ত তুলি ধৰা হৈছে৷ লগতে স্পেনিছ তাৰকাগৰাকীয়ে কৈছে– এইবাৰ টেনিছৰ পৰা অৱসৰ গ্রহণ কৰিম৷ বিগত দুবছৰ সঁচাকৈয়ে অতি কঠিন সময়ৰ মাজেৰে আগবাঢ়িছোঁ৷ অৱসৰৰ সিদ্ধান্ত গ্রহণ কৰাটো যথেষ্ট কঠিন যদিও বহু সময় ভবাৰ পিছত এই সিদ্ধান্ত লৈছোঁ৷ জীৱনত সকলো বস্তুৰে এটা আৰম্ভণি থাকে আৰু সকলো এদিন শেষ হয়৷ উল্লেখ্য যে সর্বমুঠ ২২টা গ্রেণ্ড শ্লাম খিতাপ দখল কৰিছে নাদালে৷ ইয়াৰ ভিতৰত আছে ১৪টা ফ্রেন্স অ’পেনৰ খিতাপ৷ পুৰুষৰ ছিংগলছত দ্বিতীয় সর্বাধিক গ্রেণ্ড শ্লামৰ অধিকাৰী তেওঁ৷ নাডালে চাৰিটা ইউ এছ অ’পেন, দুটা অষ্ট্রেলিয়ান অ’পেন আৰু দুটা উইম্বলডনৰ খিতাপো দখল কৰিছে৷ অলিম্পিকত দেশক স্বর্ণ পদকো উপহাৰ দিছে৷ কেৰিয়াৰত ৯২টা মেজৰ খিতাপ অর্জন কৰিছে৷ এইবাৰ শেষ হ’বলৈ ওলাইছে ক’ৰ্টত নাডালৰ অভিযান৷ তেওঁ নিজৰ আৱেগবিহ্বল পোষ্টত লিখিছে– সৰুৰে পৰা এইবিধ খেলৰেই প্রেমত পৰিছোঁ৷ ক’ৰ্টত পদার্পণ কৰি ভাল লাগে৷ অৱশ্যে ইমান দিন খেলি থাকিম বুলি ভবা নাছিলোঁ৷ যিখিনি ভাবিছিলোঁ, তাতকৈ অধিক সাফল্য লাভ কৰিছোঁ৷ নিজৰ অন্তিম প্রতিযোগিতাখন নিজৰ দেশত আৰু দেশৰ হৈ খেলিবলৈ পাই মই অতিশয় সুখী৷ উল্লেখ্য যে ২০২৩ চনৰ অধিকাংশ সময় আঘাতৰ বাবে ক’ৰ্টৰ বাহিৰত আছিল তেওঁ৷ সেইবাবেই অৱসৰৰ সিদ্ধান্ত ল’বলগীয়া হয়৷

You might also like