নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহানেৰ ধৈর্যশীল–সাহসী ইনিংছক ভূয়সী প্রশংসা ক্রিকেট মহলৰ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বক্সিং ডে’ টেষ্টত দায়িত্বপূর্ণ শতকেৰে উজলি উঠা আজিংক্য ৰাহানেৰ প্রশংসাত পঞ্চমুখ হৈ পৰিছে টীম ইণ্ডিয়াৰ নিয়মীয়া অধিনায়ক বিৰাট কোহলি৷ কিছুদিন পূর্বে ৰাহানেৰ কান্ধত ভাৰতীয় দলৰ নেতৃত্বৰ দায়িত্ব অর্পণ কৰি স্বদেশলৈ ওভতা তাৰকাগৰাকীয়ে ভাৰপ্রাপ্ত অধিনায়কগৰাকীৰ ধৈর্যশীল বেটিঙক ভূয়সী প্রশংসা কৰে৷

‘আমাৰ বাবে আৰু এটা সুন্দৰ দিন৷ টেষ্ট ক্রিকেটৰ প্রকৃত ৰূপ সৌন্দর্য পুনৰ এবাৰ দেখিবলৈ পোৱা গ’ল৷ সঁচাকৈয়ে ৰাহানেৰ ইনিংছটো আছিল দুর্দান্ত৷’ টুইটাৰত কোহলিয়ে এইদৰে কয়৷ উল্লেখ্য যে দলৰ বিপর্যয় ৰোধ কৰি ৰাহানেই দ্বিতীয় দিনৰ খেলৰ অন্তলৈ ১০৪ ৰানত বেটিং কৰি আছে৷

ইফালে, ৰাহানেৰ সাহসী ইনিংছটোক অতুলনীয় আৰু অনবদ্য আখ্যা দিছে প্রাক্তন ক্রিকেটাৰ বীৰেন্দ্র সেৱাগ, যুৱৰাজ সিং, মহম্মদ কাঈফ, ভি ভি এছ লক্ষ্মণ আদিয়ে৷ একালৰ কিংবদন্তি বেটছমেন সুনীল গাভাস্কাৰেও ৰাহানেৰ চতুৰ নেতৃত্ব আৰু সাহসী বেটিঙক ভূয়সী প্রশংসা কৰিছে৷

You might also like