মোৰ অনুপস্থিতিত ৰাহানেই দলক দক্ষতাৰে নেতৃত্ব দিবঃ কোহলি
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অন্তিম তিনিখন মেচত টীম ইণ্ডিয়াক নেতৃত্ব দিবলগীয়া আজিংক্য ৰাহানেক পূর্ণ সমর্থন আগবঢ়াইছে নিয়মীয়া অধিনায়ক বিৰাট কোহলিয়ে৷ প্রথম টেষ্টৰ পূর্বে এক সংবাদ মেলত তাৰকাগৰাকীয়ে কয় যে ৰাহানেৰ সৈতে তেওঁৰ সম্পর্ক পাৰস্পৰিক বিশ্বাস আৰু সন্মানৰ আধাৰত প্রতিষ্ঠিত৷ তেওঁৰ অনুপস্থিতিত ৰাহানেই ভাৰতীয় দলক সুন্দৰভাৱে পৰিচালিত কৰিবলৈ সক্ষম হ’ব বুলিও কোহলিয়ে উল্লেখ কৰে৷
‘বহু বছৰ ধৰি ৰাহানেৰ সৈতে মোৰ এক বিশ্বাস আৰু সন্মানৰ আধাৰত প্রতিষ্ঠিত সম্পর্ক আছে৷ খেলপথাৰতো আমি কেইবাবাৰো দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম হৈছোঁ৷ মোৰ অনুপস্থিতিত তেওঁ দলক সুন্দৰভাৱে আগুৱাই নিব পাৰিব৷ অধিনায়ক হিচাপে তেওঁ ইতিমধ্যে দক্ষতাৰ পৰিচয় দিছে আৰু প্রস্তুতি মেচতো আমি ইয়াৰ ফল দেখিবলৈ পাইছোঁ৷ শৃংখলাটোত ৰাহানে বেটছমেন হিচাপে সফল হোৱাৰ লগতে অধিনায়ক হিচাপেও সফল হ’ব বুলি মই আশাবাদী৷’ কোহলিয়ে এইদৰে কয়৷
উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হোৱা প্রথম টেষ্টৰ সামৰণিৰ পিছতে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকী পিতৃত্বকালীন ছুটীৰ বাবে স্বদেশলৈ উভতি আহিব৷ তেওঁৰ অনুপস্থিতিত ৰাহানেই দলক নেতৃত্ব দিব৷