নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰা ষ্টেডিয়ামত ক্রিকেট একাডেমী মুকলি কৰিলে ৰাজস্থান ৰয়েলছে

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ উত্তৰ–পূর্বাঞ্চলৰ প্রতিভাৱান খেলুৱৈসকলক পূর্ণ ৰূপত বিকশিত কৰাৰ লক্ষ্যৰে আই পি এলৰ অন্যতম ফ্রেনচাইজী ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত আজি এক অত্যাধুনিক ক্রিকেট একাডেমী মুকলি কৰে৷ অসম ক্রিকেট সন্থাৰ সহযোগত মুকলি হোৱা ক্রিকেট একাডেমীটোত অঞ্চলটোৰ প্রতিভাৱান যুৱ খেলুৱৈসকলক উন্নতমানৰ প্রশিক্ষণ আগবঢ়োৱা হ’ব৷ এগৰাকী খেলুৱৈক আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ক্রিকেটাৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্রত প্রয়োজন হোৱা সকলো প্রশিক্ষণ আৰু শিক্ষা আগবঢ়াবলৈ একাডেমীটোৱে বিশেষজ্ঞ প্রশিক্ষক নিযুক্ত কৰিব৷

এই সন্দর্ভত ৰাজস্থান ৰয়েলছৰ কার্যবাহী অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে কয় যে ৰাজস্থান ৰয়েলছে আৰম্ভণিৰে পৰা দেশৰ উদীয়মান ক্রিকেটাৰসকলক আগুৱাই নিয়াৰ দায়িত্ব পালন কৰি আহিছে৷ জয়পুৰত এইধৰণৰ ক্রিকেট একাডেমীয়ে ব্যাপক সফলতা অর্জনৰ পিছত গুৱাহাটীত আজি মুকলি হোৱা উত্তৰ–পূবৰ প্রথমটো অত্যাধুনিক ক্রিকেট একাডেমীয়ে অঞ্চলটোৰ উদীয়মান ক্রিকেটাৰসকলক প্রতিভা বিকাশৰ উপযুক্ত মঞ্চ প্রদান কৰিব বুলি তেওঁ উল্লেখ কৰে৷ উল্লেখ্য যে অসম ক্রিকেট সন্থাৰ সহযোগত ৰাজস্থান ৰয়েলছে এই ক্রিকেট একাডেমী যোৱা বছৰ বর্ষাপাৰা ষ্টেডিয়ামত মুকলি কৰাৰ কথা আছিল যদিও মহামাৰীৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷

বর্ষাপাৰা ষ্টেডিয়ামৰ প্রাংগণত আয়োজিত অনুষ্ঠানত ৰাজস্থান ৰয়েলছৰ কার্যবাহী অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰৰ লগতে দলটোৰ মুখ্য কার্যবাহী বিষয়া মাইক ফ’ৰদাম, উপ–সভাপতি ৰাজীৱ খান্না, জেনেৰেল মেনেজাৰ ৰোহিত আৰ, পৰামর্শদাতা মনীষ পাণ্ডে, বেটছমেন ৰিয়ান পৰাগ উপস্থিত থাকে৷ অসম ক্রিকেট সন্থাৰ হৈ সম্পাদক দেৱজিৎ শইকীয়া আৰু ৰাজস্থান ৰয়েলছৰ হৈ কার্যবাহী অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷

You might also like