নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা, মিছা প’লো ক্লাব, বালিপৰাৰ ৱাইল্ড মাছিৰ ভ্ৰমণ ৰাজস্থান ৰয়েলছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ মে’ : চলিত আই পি এলৰ অন্তিম দুখন লীগৰ খেলত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ অহা ৰাজস্থান ৰয়েলছৰ এটা ১৩জনীয়া দলে আজি কাজিৰঙা ভ্রমণ কৰে৷ ইফালে, দলটোৰ আন কিছু সদস্যই গুৱাহাটীত ব্রহ্মপুত্র নদীত ৰিভাৰ ছাফাৰিত লুইতৰ মনোৰম পৰিৱেশ আৰু সৌন্দয্য উপভোগ কৰে৷ অসমৰ প্রাকৃতিক পৰিৱেশৰ লগত দলটোৰ দেশী-বিদেশী খেলুৱৈ তথা বিষয়াসকলক চিনাকি কৰি দিয়াৰ উদ্যেশে ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা এই ব্যৱস্থা কৰা হয়৷ আজি পুৱা ৰয়েলছৰ এটা ১৩ জনীয়া দল প্রথমে ৰাওনা হয় নগাঁৱৰ প্রাকৃতিক পৰিৱেশত অৱস্থিত মিছা প’লো ক্লাবলৈ৷ উল্লেখ্য যে ‘ৰয়েল ডিফেণ্ডাৰ ৰিভাৰ এণ্ড ৰোড জার্নিজ’ৰ ছখন ৰেঞ্জ ৰোভাৰ ডিফেণ্ডাৰ বাহনত উঠি তথা নিজে চলাই দলটোৱে বিলাসিতা আৰু দুঃসাহসিক যাত্রাৰ আমেজ লয়৷ মিছা প’লো ক্লাবত গল্ফ , টেবুল টেনিছ খেলাৰ লগতে পুৱাৰ আহাৰ গ্রহণ কৰে৷ মিছাৰ পৰা দলটো ৰাওনা হয় কাজিৰঙালৈ৷ বাগৰি ৰেঞ্জত ৰয়েলছৰ ১৩জনীয়া দলটোক বিশেষ ব্যৱস্থাৰে কাজিৰঙাৰ জীৱ-জন্তু আৰু প্রাকৃতিক পৰিৱেশ উপভোগ কৰাৰ সু–ব্যৱস্থা কৰা হয়৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ চেণ্ট্ৰেল ৰেঞ্জত এক ৰোমাঞ্চকৰ জীপ ছাফাৰিৰ জৰিয়তে ৰয়েলছ পৰিয়ালে অঞ্চলটোৰ চহকী জৈৱ বৈচিত্র্যক ওচৰৰ পৰাই পর্যবেক্ষন কৰাৰ সুযোগ লাভ কৰে৷ স্বাভাৱিকতে ৰোমাঞ্চকৰ আছিল এই যাত্রা৷ কাজিৰঙাৰ পৰা ওলাই দলটো ৰাওনা হয় তেজপুৰৰ বালিপৰাত থকা অত্যাধুনিক তথা মনোৰম প্রাকৃতিক পৰিৱেশত অৱস্থিত ৰিজ’ৰ্ট ৱাইল্ড মাছিৰলৈ৷ উল্লেখ্য যে অসমৰ ৰসাল সেউজীয়া পৰিৱেশৰ মাজত অৱস্থিত ৱাইল্ড মাছিৰ অতুলনীয় বিলাসিতাই দেশী-বিদেশী লোকক স্মৰণীয় অভিজ্ঞতা দিয়ে৷ ৱাইল্ড মাছিৰত উপস্থিত হোৱাৰ লগে লগে অতিথিসকলক অসম তথা উত্তৰ-পূৱৰ লোক-সাংস্কৃতিৰ পৰিচয়ো স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰে দিয়া হয়৷ নিশা ৱাইল্ড মাছিৰতে দলটো থাকিব৷ কাইলৈ দলটো পুনৰ কাজিৰঙা হৈ মিছা প’লো ক্লাবত দুপৰীয়াৰ আহাৰ গ্রহন কৰি গুৱাহাটী পাব৷ ইফালে, আজি নিশা গুৱাহাটীৰ উজান বজাৰ ঘাটত ৰাজস্থান ৰয়েলছ দলৰ ক্রিকেটাৰসকলে ব্রহ্মপুত্র নদীত ৰিভাৰ ছাফাৰিত লুইতৰ মনোৰম পৰিৱেশ আৰু সৌন্দয্য উপভোগ কৰে৷ কাইলৈ দলটোৰ কিছু সদস্যই পবিতৰা ভ্রমণ কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ৰাজস্থানে ১৯ মে’ত কলকাতা নাইট ৰাইডার্ছৰে মুখামুখি হ’ব৷

You might also like