নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত কেকেআৰ–চিএছকেৰে খেলিব ৰাজস্থান ৰয়েলছে

🔹 আৰআৰৰ নতুন শ্ল’গান– ‘এটা দল, দুখন ঘৰ’ : জন্ম ৰাজস্থানত, উদযাপন অসমত

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ফেব্রুৱাৰী : ৰাজস্থান ৰয়েলছে আসন্ন আইপিএলৰ ঘৰুৱা মেচৰ আৰম্ভণি গুৱাহাটীৰ পৰাই কৰিব৷ আইপিএলৰ প্রথম বর্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে ২৬ মার্চত গুৱাহাটীত প্রথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডার্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মার্চত দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দুয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অৱশ্যে ৰাজস্থানে হাইদৰাবাদত ছানৰাইজার্ছৰ বিৰুদ্ধে ২৩ মার্চত প্রথমখন মেচ খেলি অভিযান আৰম্ভ কৰিব৷ উল্লেখ্য যে ক্রমাগত তৃতীয়বাৰৰ বাবে গুৱাহাটীক গৃহ চহৰ হিচাপে লৈছে ৰাজস্থান ৰয়েলছে৷ নতুন শ্ল’গানেৰে অসম তথা উত্তৰ–পূবৰ জনসাধাৰণৰ মৰম বিচাৰি গুৱাহাটীলৈ আহিছে ৰাজস্থান ৰয়েলছ৷ আৰআৰৰ নতুন শ্ল’গান হ’ল– ‘এটা দল, দুখন ঘৰ৷ জন্ম ৰাজস্থানত, উদযাপন অসমত৷’ কালি বিচিচিআয়ে আইপিএলৰ আনুষ্ঠানিক সূচী ঘোষণা কৰাৰ পিছতে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসম-সন্তান ৰণজিৎ বৰঠাকুৰে প্রথম প্রতিক্রিয়া প্রকাশ কৰি কয়– ‘মই বিচিচিআই আৰু অসম চৰকাৰৰ লগতে অসম ক্রিকেট সন্থাক ধন্যবাদ জনাইছোঁ যে গুৱাহাটীত তৃতীয়বাৰৰ বাবে মেচ খেলাৰ আমাৰ হেঁপাহক সহযোগিতা কৰিছে৷ আমাৰ লক্ষ্য– খেলৰ মাধ্যমেৰে অসম তথা উত্তৰ–পূবৰ সামগ্রিক উত্তৰণ৷ আমি এই অঞ্চলৰ পৰা নতুন প্রতিভাক ৰাষ্ট্রীয়–আন্তর্জাতিক মঞ্চলৈ লৈ যোৱাৰ বাবে সদায়ে চেষ্টা কৰি আহিছোঁ৷ নতুন প্রজন্মৰ আশা আৰু সপোনক বাস্তৱ কৰাৰ দিশত ক্রীড়াৰ গুৰুত্বপূর্ণ ভূমিকা আছে৷ আমাৰ লক্ষ্য– উত্তৰ–পূবত আশাৰ পৰিৱেশ গঢ়ি তোলা৷’ ইফালে, এইবাৰ ৰাজস্থান ৰয়েলছে গুৱাহাটীত মেচ খেলাই নহয়, দলে অনুশীলন শিবিৰো বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত মঙলবাৰৰ পৰা আৰম্ভ কৰিব৷ শিবিৰটো সোমবাৰৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও নাগপুৰ–নতুন দিল্লীৰ বিমান বিলম্বৰ বাবে ৰাজস্থান ৰয়েলছৰ কিছু খেলুৱৈ কালি নিশা গুৱাহাটীত উপস্থিত হ’ব নোৱাৰিলে৷ সেয়েহে সোমবাৰৰ এছচিএ ষ্টেডিয়ামৰ শিবিৰ বাতিল কৰা হৈছে৷ ২২ ফেব্রুৱাৰীলৈ এই বিশেষ শিবিৰ অনুষ্ঠিত হ’ব৷ ইফালে, অষ্টাদশ আইপিএলৰ ২২ মার্চত কলকাতাৰ ইডেন গার্ডেনত হ’বলগীয়া উদ্বোধনী মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছ আৰু ৰয়েল চেলেঞ্জাছ বেংগালুৰুৱে৷ ইফালে, কলকাতাৰ ইডেন গার্ডেনতে বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতাখনৰ ফাইনেল মেচখন ২৫ মে’ত অনুষ্ঠিত হ’ব৷ উদ্বোধনী আৰু ফাইনেল মেচখনৰ উপৰি কলকাতাত ২৩ মে’ত অনুষ্ঠিত হ’ব দ্বিতীয়খন কোৱালিফায়াৰ মেচ৷ ইফালে, অষ্টাদশ সংস্কৰণৰ প্রথমখন কোৱালিফায়াৰ ২০ মে’ত আৰু এলিমিনেটৰ মেচখন ২১ মে’ত হায়দৰাবাদত অনুষ্ঠিত হ’ব৷ ৬৫ দিন ধৰি খেলিবলগীয়া প্রতিযোগিতাখনত ৭৪খন মেচ ১৩খন চহৰত অনুষ্ঠিত হ’ব৷ ১২খন ডাবল হেডাৰ মেচ অনুষ্ঠিত হ’ব৷ প্রথমখন মেচ বিয়লি ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ নিশা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

You might also like