আই পি এল : পঞ্জাবৰ বিপক্ষে সহজ জয় ৰাজস্থানৰ
🔹 ৩টা চাৰি-৩টা ছয়েৰে অসম-সন্তান ৰিয়ানৰ ৪৩
নিউজ ডেস্ক, ৬ এপ্রিল : ৰাজস্থান ৰয়েলছে চলিত আইপিএলত দ্বিতীয়টো জয়ৰ সোৱাদ লাভ কৰাৰ বিপৰীতে পঞ্জাব কিংছে প্রথমটো পৰাজয়ৰ সন্মুখীন হৈছে৷ কালি মুলানপুৰত অনুষ্ঠিত মেচখনত ৰাজস্থানে পঞ্জাবক সহজেই ৫০ ৰানত পৰাস্ত কৰে৷ মেচখনত ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ২০৬ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি নেহাল ৱাধেৰাৰ সর্বাধিক ৬২ আৰু গ্লেন মেক্সৱেলৰ ৩০ ৰানৰ সহায়ত পঞ্জাবে নির্ধাৰিত ২০ অভাৰত ৯ উইকেটত ১৫৫ ৰান সংগ্রহ কৰে৷ দলটোৰ বাকীসকল বেটাৰে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ ৰাজস্থানৰ হৈ জ’ফ্রা আর্চাৰে সর্বাধিক ৩টা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ যশস্বী জয়ছোৱালৰ দুর্দান্ত ৬৭ আৰু ৰিয়ান পৰাগৰ ২৫টা বলত দর্শনীয় অপৰাজিত ৪৩ ৰানৰ সহায়ত ৰাজস্থানে নির্ধাৰিত ২০ অভাৰত ৪ উইকেটত ২০৫ ৰান কৰে৷ অধিনায়ক ছেমছনে ৩৮ ৰানৰ অৰিহণা আগবঢ়ায়৷ পঞ্জাবৰ হৈ ফার্গুছনে সর্বাধিক ২টা উইকেট লাভ কৰিবলৈ সক্ষম হয়৷