কাইলৈ পাঁচদিনীয়া ভ্ৰমণসূচীৰে মংগোলিয়া আৰু জাপান ভ্ৰমণ কৰিব ৰাজনাথ সিঙে
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ ৫ দিনীয়া ভ্ৰমণসূচীৰে মংগোলিয়া আৰু জাপানলৈ সোমবাৰে ৰাওনা হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। এই ভ্ৰমণৰ লক্ষ্য হৈছে দুয়োখন দেশৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্ক বৃদ্ধি কৰা। জাপানত ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ‘টু প্লাছ টু’ ফৰ্মেটত বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ এক মত বিনিময় কৰিব।
উল্লেখ্য যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৫ৰ পৰা ৭ ছেপ্টেম্বৰলৈ মংগোলিয়া ভ্ৰমণ কৰাৰ বিপৰীতে ৮ আৰু ৯ ছেপ্টেম্বৰত জাপান ভ্ৰমণ কৰিব।