নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াডলৈ নিৰ্বাচিত ছিপাঝাৰৰ ৰণবীৰ কলিতা

নিয়মীয়া বাৰ্তা, ১২ জুন : কৰ্ণাটকৰ মহীশূৰত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াডলৈ নিৰ্বাচিত হৈছে ছিপাঝাৰৰ দৌলগুৰিৰ ৰণবীৰ কলিতা। দৌলগুৰিৰ পবন কলিতা আৰু দিপালী চহৰীয়া কলিতাৰ পুত্ৰ তথা হাজৰিকাপাৰাৰ গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰনবীৰ কলিতাই গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক পৰ্য্যায়ৰ যোগ প্ৰতিযোগিতাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে। ইফালে শিশু ছাত্ৰ গৰাকী এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱাৰ খবৰে অঞ্চলবাসীক উৎফুল্লিত কৰি তুলিছে। দৌলগুৰি জ্ঞানোদয় পুথিভঁৰালৰ সদস্য ৰনবীৰক ইতিমধ্যে দৌলগুৰিত কালী পূজা, বিষ্ণু পূজা আৰু শীতলা পুজা উদযাপনৰ স’তে সঙ্গতি ৰাখি অনুষ্ঠিত ধৰ্মালোচনী সভাত ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা কামনাৰে আশীৰ্বাদ প্ৰদান কৰাৰ লগতে ভিন্ন অনুষ্ঠানে জ্ঞাপন কৰিছে অভিনন্দন।

প্ৰেৰক ৰণজিত কুমাৰ নাথ

You might also like