নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জি ট্রফী : নাম প্রত্যাহাৰ কোহলি–ৰাহুলৰ

🔹 বেজী লোৱাৰ পিছতো ডিঙিৰ বিষ কমা নাই কোহলিৰ

নিউজ ডেস্ক, ১৯ জানুৱাৰী : টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলি আৰু লোকেশ ৰাহুলে চলিত ৰঞ্জি ট্ৰফীৰ পৰৱর্তী ৰাউণ্ডৰ পৰা নাম প্রত্যাহাৰ কৰিছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ চিকিৎসা দলক তেওঁলোকে জনাইছে যে তেওঁলোক আঘাতৰ সমস্যাৰে যুঁজি থকাৰ বাবে চলিত ৰঞ্জি ট্ৰফীৰ দ্বিতীয় ৰাউণ্ডত তেওঁলোকৰ নিজৰ নিজৰ ঘৰুৱা দল ক্রমে দিল্লী আৰু কর্ণাটকৰ হৈ অংশগ্রহণ কৰিব নোৱাৰিব৷ এক সংবাদ প্রতিষ্ঠানৰ প্রতিবেদনত এই কথা প্রকাশ৷ কোহলিয়ে তেওঁৰ ডিঙিৰ বিষত ভুগি আছে৷ কোহলিয়ে বিচিচিআইৰ চিকিৎসা দলক জনাইছে যে তেওঁ ৮ জানুৱাৰীত বিষ উপশমৰ বেজী লৈছিল যদিও বর্তমানো তেওঁৰ ডিঙিত বিষ আছে৷ যাৰ বাবে তেওঁ ৰাজকোটত সৌৰাষ্ট্রৰ বিৰুদ্ধে দিল্লীৰ আগন্তুক মেচৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ উল্লেখ্য যে ৩৬ বছৰীয়া তাৰকা বেটাৰগৰাকীয়ে ২০১২ চনৰ নৱেম্বৰত অন্তিমবাৰৰ বাবে উত্তৰ প্রদেশৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীত অৱতীর্ণ হৈছিল৷ আনহাতে, লোকেশ ৰাহুলে কিলাকুটিৰ সমস্যাত ভুগি আছে৷ যাৰ বাবে তেওঁ বেংগালুৰুত পঞ্জাবৰ বিৰুদ্ধে কর্ণাটকৰ পৰৱর্তী ৰাউণ্ডৰ মেচখনত উপলব্ধ নহ’ব৷ সোঁহতীয়া উইকেটকীপাৰ–বেটাৰগৰাকী ২০২০ চনৰ মার্চত বংগৰ বিৰুদ্ধে কর্ণাটকৰ হৈ অন্তিমখন ৰঞ্জি মেচত অৱতীর্ণ হৈছিল৷ শেহতীয়াভাৱে যুৱ তাৰকা ঋষভ পণ্ট (দিল্লী), শুভমন গিল (পঞ্জাব) আৰু যশস্বী জয়ছোৱালৰ (মুম্বাই) লগতে অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজায়ো (সৌৰাষ্ট্র) আগন্তুক ৰঞ্জি ট্ৰফীৰ মেচত অংশগ্রহণ নিশ্চিত কৰাসকলৰ ভিতৰত আছে৷

You might also like