বিশ্ব ফুটবলৰ পৰা নির্বাসিত ৰাছিয়া ঃ ফিফাৰ বৃহৎ ঘোষণা
নিয়মীয়া বাৰ্তা, 2 মার্চঃ অৱশেষত বিশ্ব ফুটবলৰ পৰা নির্বাসিত হ’ল ৰাছিয়া৷ ইউৰোপীয়ান দেশসমূহৰ অবিৰত হেচাত সেও মানি বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই আজি ইউক্রেইনৰ বিৰুদ্ধে সামৰিক যুদ্ধত অৱতীর্ণ হোৱা ৰাছিয়াক আন্তঃৰাষ্ট্রীয় ফুটবল মানচিত্রৰ পৰা নির্বাসিত কৰিছে৷ ইয়াৰ ফলত ২০১৮ৰ ফিফা বিশ্বকাপৰ আয়োজক ৰাছিয়াই চলিত বর্ষৰ শেষৰফালে কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপত অংশ ল’ব নোৱাৰিব৷ ১৯৯১ চনৰ পৰা চাৰিবাৰ বিশ্বকাপত অংশ লোৱা ৰাছিয়াই অহা ২৪ মার্চত পোলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ কোৱালিফায়িং মেচ এখন খেলাৰ কথা আছিল যদিও ফিফাৰ এই নিষেধাজ্ঞাৰ পিছত দলটোৱে এই মেচখনতো খেলপথাৰত নামিব নোৱাৰিব৷ অৱশ্যে প্রতিপক্ষ পোলেণ্ডে ইতিমধ্যে ৰাছিয়াৰ বিৰুদ্ধে নেখেলে বুলি ঘোষণা কৰিছে৷ সমগ্র বিশ্বৰ বাধা সত্বেও ইউক্রেইনৰ বিৰুদ্ধে বর্বৰ আক্রমণ অব্যাহত ৰখাৰ প্রতি ৰাছিয়াৰ বিৰুদ্ধে ফিফা আৰু উৱেফাই যুটীয়াভাৱে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হৈছে৷ বিশ্ব ফুটবলৰ দুই সর্বোচ্চ সংস্থাই আজি প্রকাশ কৰা এক যুটীয়া বিবৃতিত উল্লেখ কৰিছে যে ফিফা আৰু উৱেফাই ৰাছিয়াৰ সকলো দল আৰু ক্লাবক ফিফা আৰু উৱেফাৰ স্বীকৃতিপ্রাপ্ত সকলো প্রতিযোগিতাৰ পৰা নিলম্বিত কৰাৰ সিদ্ধান্ত লৈছে৷ পৰৱর্তী জাননী প্রকাশ নোপোৱা পর্যন্ত ৰাছিয়াৰ বিৰুদ্ধে এই নিষেধাজ্ঞা অব্যাহত থাকিব৷ ফিফা আৰু উৱেফাৰ এই বৃহৎ সিদ্ধান্তৰ পিছত ৰাছিয়াই আগন্তুক ফিফা বিশ্বকাপ, মহিলাৰ ইউৰো কাপত অংশ ল’ব নোৱাৰিব৷ ফিফা বিশ্বকাপ চলিত বর্ষর নৱেম্বর–ডিচেম্বর আরু মহিলার ইউৰো কাপ জুলাইত অনুষ্ঠিত হ’ব৷ একেদৰে ৰাছিয়াৰ কোনো ক্লাবে ইউৰোপা লীগ, চেম্পিয়নছ লীগ আদিৰ দৰে আগশাৰীৰ ক্লাব প্রতিযোগিতাসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰা আঁতৰি থাকিব লাগিব৷ উল্লেখ্য যে ফিফাই দেওবাৰে ৰাছিয়ান ফুটবল দলটোক নিৰপেক্ষ ভেন্যু আৰু দর্শক শূন্য ষ্টেডিয়ামত ‘ফুটবল ইউনিয়ন অৱ ৰাছিয়া’ নামেৰে খেলি যোৱাৰ অনুমতি দিছিল৷ কিন্তু পোলেণ্ড আৰু চেক গণৰাজ্য ফুটবল সন্থাই ফিফাৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাছিয়াক ফুটবল বিশ্বৰ পৰা নির্বাসিত কৰাৰ দাবী উত্থাপন কৰে৷ ইউৰোপৰ অধিকাংশ দেশে সমস্বৰে এই দাবী উত্থাপন কৰাত ফিফা আৰু উৱেফাই আজি ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি ঘোষণা কৰে৷ ইফালে ৰাছিয়ান ফুটবল ফেডাৰেচনে ফিফা আৰু উৱেফাৰ এই সিদ্ধান্তক পক্ষপাতযুক্ত বুলি অভিহিত কৰিছে৷