WPLৰ উদ্বোধনী মেচত ৰোমাঞ্চকৰ জয় আৰচিবিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে মহিলা প্রিমিয়াৰ লীগৰ উদ্বোধনী মেচখনত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰিছে৷ বদোদৰাত অনুষ্ঠিত মেচখনত বেংগালুৰুৱে গুজৰাট জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে৷ মেচখনত বেংগালুৰুৰ জয়ৰ মূলতে হ’ল ৰিছা ঘোষৰ লগতে কণিকা আহুজাৰ বিস্ফোৰক বেটিং৷ গুজৰাটে জয়ৰ বাবে বান্ধি দিয়া ২০২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰিছাৰ ২৭ বলত অপৰাজিত ৬৪, কণিকাৰ ১৩ বলত অপৰাজিত ৩০ আৰু এলিছ পেৰীৰ ৩৪ বলত ৫৭ ৰানৰ সহায়ত বেংগালুৰুৱে ১৮.৩ অভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ বেংগালুৰুৱে দলীয় স্ক’ৰ ১৪ ৰানতে অ’পেনাৰদ্বয় স্মৃতি মান্ধানা (৯) আৰু ডানি ৱাট–হ’জ (৪)ক হেৰুৱাইছিল৷ উল্লেখ্য যে মহিলা প্রিমিয়াৰ লীগত সর্বাধিক ৰানৰ জয়ৰ লক্ষ্য অতিক্রম কৰি ইতিহাস ৰচে বেংগালুৰুৱে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অধিনায়িকা এছলে গার্ডনাৰৰ ৩৭ বলত অপৰাজিত ৭৯, অ’পেনাৰ বেথ মুনীৰ ৫৬ আৰু ড’টিনৰ ২৫ ৰানৰ সহায়ত গুজৰাট জায়েণ্টছে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২০১ ৰান কৰে৷ বেংগালুৰুৰ হৈ ৰেণুকা সিঙে সর্বাধিক দুটা উইকেট লাভ কৰে৷