নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ ফাইনেলত RCB, প্রথম কোৱালিফায়াৰত পৰাস্ত PBKS

আইপিএলৰ ফাইনেলত RCB, প্রথম কোৱালিফায়াৰত পৰাস্ত PBKS

নিউজ ডেস্ক, ৩০ মে’ : তিনিবাৰৰ ৰানার্ছআপ RCBয়ে চলিত আইপিএলত প্রথমটো দল হিচাপে ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ নিউ চণ্ডীগড়ত অনুষ্ঠিত ল’ স্ক’ৰিং প্রথমখন কোৱালিফায়াৰত RCBয়ে পঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰে৷

মন কৰিবলগীয়া যে ইয়াৰ পূর্বে আৰচিবিয়ে ২০০৯, ২০১১ আৰু ২০১৬ চনৰ আইপিএলৰ ফাইনেলত প্রৱেশ কৰিছিল৷ আজিৰ মেচখনত পঞ্জাবে জয়ৰ বাবে বান্ধি দিয়া ১০২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ ফিল ছল্টৰ দর্শনীয় অপৰাজিত অর্ধশতকৰ সহায়ত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে ১০ অভাৰত ২টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷

ছল্টে ৫৬ ৰান কৰি অপৰাজিত হৈ থাকে৷ আনগৰাকী অ’পেনাৰ বিৰাট কোহলিয়ে ১২ ৰান কৰি পেভিলিয়নমুখী হোৱাৰ বিপৰীতে মায়ংক আগৰৱালে ১৯ ৰানৰ অৱদান আগবঢ়ায়৷ অধিনায়ক ৰজত পাটিদাৰে ১৫ ৰান কৰি নটআউট হৈ থাকে৷

পঞ্জাবৰ হৈ কাঈল জেমিছন আৰু মুছিৰ খানে ১টাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি জ’ছ হেজলউড আৰু সুয়ষ শর্মাৰ দুর্দান্ত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ পঞ্জাব কিংছে ১৪.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১০১ ৰানহে কৰিবলৈ সক্ষম হয়৷

ইনিংছ আৰম্ভণিৰ পৰাই বিপর্যয়ত পৰে পঞ্জাব৷ দলীয় স্ক’ৰ ৯ ৰানত প্রিয়াংশ আর্যই বিদায় লয়৷ প্রিয়াংশে মাত্র ৭ ৰান কৰি পেভিলিয়নমুখী হয়৷ প্রিয়াংশৰ বিদায়ৰ পাছতে দলটোৱে ইটোৰ পাছত সিটো উইকেট হেৰুৱাই শ’লঠেকত পৰে৷ দলটোৰ হৈ সর্বাধিক ২৬ ৰান কৰে মার্কাছ ষ্ট’ইনিছে৷ অ’পেনাৰ প্রভছিমৰণ সিঙে ১৮ আৰু আজমতুল্লাহ ওমৰজায়ে ১৮ ৰানৰ অৰিহণা আগবঢ়ায়৷ দলটোৰ ৮গৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ নকৰাকৈয়ে বিদায় লয়৷

অধিনায়ক শ্রেয়াছ আয়াৰে ২, জ’ছ ইংলিছে ৪, নেহাল ৱাধেৰাই ৮ আৰু শশাংক সিঙে মাত্র ৩ ৰান কৰে৷ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হৈ জ’ছ হেজলউড আৰু সুয়ষ শর্মা উভয়ে সর্বাধিক ৩টাকৈ উইকেট লাভ কৰাৰ লগতে য়শ দয়ালে ২টা, ভুবনেশ্বৰ কুমাৰ আৰু ৰোমাৰিঅ’ শ্বেফার্ড উভয়ে ১টাকৈ উইকেট লাভ কৰে৷

You might also like