IPLৰ খিতাপ জয়ৰ আশা পূৰণ RCBৰ, নেতৃত্বত ৰজত পাটিদাৰ
... চেম্পিয়নৰ সন্মান অর্জন কৰে৷ ইয়াৰ লগে লগে ১৭ বছৰীয়া আধৰুৱা সপোন পূর্ণ হ’ল আৰচিবিৰ৷ ইয়াৰ পূর্বে দলটোৱে তিনিবাৰ ফাইনেলত প্রৱেশ কৰিছিল যদিও খিতাপ জয়ৰ সোৱাদ লাভ কৰা নাছিল...
নিউজ ডেস্ক, ৪ জুন : সুদীর্ঘ ১৭ বছৰীয়া প্রতীক্ষাৰ অন্ত পেলাই IPLৰ খিতাপ জয় কৰিলে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে৷ বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ শ্বাসৰুদ্ধ খিতাপ যুঁজৰ মেচখনত বেংগালুৰুৱে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে৷ ইয়াৰ লগে লগে ১৭ বছৰীয়া আধৰুৱা সপোন পূর্ণ হ’ল আৰচিবিৰ৷
ইয়াৰ পূর্বে দলটোৱে তিনিবাৰ ফাইনেলত প্রৱেশ কৰিছিল যদিও খিতাপ জয়ৰ সোৱাদ লাভ কৰা নাছিল৷ আজিৰ ফাইনেলত বেংগালুৰুৱে জয়ৰ বাবে বান্ধি দিয়া ১৯১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শশাংক সিঙৰ অপৰাজিত ৬১ ৰানৰ সহায়ত পঞ্জাব কিংছে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৮৪ ৰান কৰে৷
শশাংকৰ উপৰি জ’ছ ইংলিছে ৩৯, প্রভছিমৰণ সিঙে ২৬, প্রিয়াংশ আর্যই ২৪ আৰু নেহাল ৱাধেৰাই ১৫ ৰানৰ অৰিহণা আগবঢ়ায় যদিও অধিনায়ক শ্রেয়াছ আয়াৰে মাত্র ১ ৰানহে কৰে৷ আৰচিবিৰ হৈ ভুৱনেশ্বৰ কুমাৰ আৰু ক্রুনাল পাণ্ডিয়া উভয়ে সর্বাধিক ২টাকৈ উইকেট লাভ কৰে৷ উল্লেখ্য যে পঞ্জাব কিংছে ২০১৪ চনৰ প্রতিযোগিতাখনত ৰানার্ছআপ হৈছিল৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি তাৰকা বেটাৰ বিৰাট কোহলিৰ সর্বাধিক ৪৩ ৰানৰ সহায়ত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৯০ ৰান সংগ্রহ কৰে৷ ইনিংছৰ আৰম্ভণি সুখকৰ নাছিল আৰচিবিৰ৷
আক্রমণাত্মক আৰম্ভণি কৰিও দলীয় স্ক’ৰ ১৮ ৰানত ফিল ছল্টৰ ৰূপত প্রথমটো উইকেট হেৰুৱায় দলটোৱে৷ ছল্টে ১৬ ৰান কৰি বিদায় লয়৷ ইফালে, ৩৫টা বলত ৩টা বাউণ্ডেৰীৰে ৪৩ ৰানৰ অৱদান আগবঢ়োৱা কোহলিয়ে মায়ংক আগৰৱালৰ সৈতে দ্বিতীয় উইকেটত ৩৮ আৰু অধিনায়ক ৰজত পাটিদাৰৰ সৈতে তৃতীয় উইকেটত ৪০ ৰান সংগ্রহ কৰে৷ মায়ংকে ২৪, পাটিদাৰে ২৬ ৰানৰ অৰিহণা আগবঢ়ায়৷
ইফালে, লিভিংষ্টনে ২৫ আৰু জিতেশ শর্মাই ২৪ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায়৷ শ্বেফার্ডে ১৭ ৰান কৰি পেভিলিয়নমুখী হয়৷ পঞ্জাবৰ হৈ অর্শদীপ সিং আৰু কাঈল জেমিছন উভয়ে ৩টাকৈ উইকেট লাভ কৰে৷